Shopian’s Keshwa

সন্ত্ৰাস জৰ্জৰ জম্মু-কাশ্মীৰত পুনৰ এনকাউণ্টাৰ। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ছ’পিয়ান জিলাত নিৰাপত্তাৰক্ষাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ছ’পিয়ান জিলাৰ কেশৱা এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আনায়াত আশ্ৰাফ দৰ নামৰ এটা সন্ত্ৰাসবাদীয়ে। পূৰ্বে অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ হিচাপে থকা আনায়াতে ড্ৰাগছ সৰবৰাহৰ লগতো জড়িত আছিল।