Captain Amarinder Singh

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙক ইস্তফা দিয়াৰ নিৰ্দেশ কংগ্ৰেছ হাইকামাণ্ডৰ।

আজি বিয়লি পাঁচ বজাত পঞ্জাৱ কংগ্ৰেছৰ উচ্চ স্তৰীয় বৈঠক অনুস্থিত হ’ব। বৈঠকৰ এঘন্টা পূৰ্বে ইস্তফা দিব মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে। বৈঠকত উপস্থিত থাকিব পঞ্জাৱৰ পৰ্যবেক্ষক কংগ্ৰেছ নেতা অজয় মাকেন।

বৈঠকত যদি দলে নিৰ্দেশ দিলে অমৰিন্দৰ সিঙে কৰিব পাৰে দলত্যাগ।

অমৰিন্দৰ সিঙে জনাইছে যে, মুখ্যমন্ত্ৰী পদত আৰু বহি থাকিব নোৱাৰে তেওঁ।

দুপৰীয়া দুই বজাৰ পৰা অমৰিন্দৰ সিঙে নিজৰ সমৰ্থকৰ সৈতে এখন বৈঠকত ভাগ লয়। সিঙে কয় যে, যদি দলে বিচাৰে তেন্তে তেওঁ স-সন্মানে পদত্যাগ কৰিব।