অসমৰ প্ৰাক্তন মন্ত্ৰী অধেন্দ্ৰু কুমাৰ দে'ৰ বুধবাৰে ৮৪ বছৰ বয়সত গুৱাহাটীত মৃত্যু হয়।
সূত্ৰঅনুসৰি, অধেন্দ্ৰু দে'ক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কৰ্কট ৰোগৰ বাবে চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।
উল্লেখ্য় যে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল অধেন্দ্ৰু কুমাৰ দে' য়ে।
ইয়াৰ আগতে, তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাই সমষ্টিৰ পৰা অসম বিধান সভা নিৰ্বাচনত আইএনচিৰ সদস্য হিচাপে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
- Read more about প্ৰাক্তন মন্ত্ৰী অধেন্দ্ৰু দে'ৰ দেহাৱসান!
- Log in to post comments