Crime

প্ৰথমে ধৰ্ষণ, তাৰপাছত হত্যা আৰু শেষত স্বীকাৰোক্তি। কেমেৰাৰ সন্মুখত হত্যাকাৰীৰ চাঞ্চল্যকৰ এই স্বীকাৰোক্তি। ১৪ বছৰীয়া এগৰাকী কিশোৰীক হত্যা কৰি এই ভাষ্য হত্যাকাৰীৰ। এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলিত। ঢেকিয়াজুলিৰ আলিছিঙাৰ ভকোৱামাৰীৰ চামছুল নেহা নামৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৱে কঁপাই তুলিছে সমগ্ৰ ঢেকিয়াজুলি অঞ্চল। ছাত্ৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত ঢেকিয়াজুলিৰ আৰক্ষীয়ে আটক কৰে হজৰত আলী নামৰ হত্যাকাৰীজনক। আৰক্ষী আৰু সংবাদমাধ্যমৰ সন্মুখত আলীয়ে স্বীকাৰ কৰে হত্যাকাণ্ড সংঘটিত কৰা ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি, মঙ্গলবাৰে পুৱা ৪:৩০ বজাত চামছুল নেহা নামৰ কিশোৰীগৰাকীৰ পিতৃ নামাজ পঢ়িবলৈ যোৱাৰ