Teachers Day 2021

জীৱনৰ আদিপাঠ শিকায় যিয়ে, তেঁৱেই হৈছে শিক্ষাগুৰু। কেৱল শ্ৰেণীকোঠাতেই আৱদ্ধ নাথাকে শিক্ষাৰ পৰিধি। এজন শিক্ষকে গঢ় দিয়ে শিক্ষাৰ্থীৰ ভৱিষ্যত। সকলো বাধা-বিঘিনিকো নেওচি শিক্ষাৰ্থীৰ জীৱন গঢ় দিয়াত হেমাহি নকৰে শিক্ষকে।শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, যিয়ে নিজে গলি আনক পোহৰ বিলায়।

সহজ অৰ্থত, এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ কল্পনা শক্তিক অধিক দৃঢ় কৰি তোলাৰ লগতে শিকণ প্ৰক্ৰিয়াও সহজ কৰি তোলে।