Teachers Day

আজি শিক্ষক দিৱস। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, দাৰ্শনিক, পণ্ডিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱস। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা প্ৰথম উপ-ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে প্ৰতিবছৰৰ ৫ ছেপ্তেম্বৰৰ দিনটি শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

এখন সুস্থ সমাজ গঢ়াত শিক্ষকসকলৰ যি অৱদান তাৰ প্ৰতি সন্মান জনাই পালন কৰা হয় শিক্ষক দিৱস। শিক্ষাৰ ক্ষেত্ৰত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ যি অৱদান, দৃষ্টিভংগী তাৰ প্ৰতি সন্মান জনাই ১৯৬২ চনৰ পৰা ড° ৰাধাকৃষ্ণণৰ জন্মদিনটি সমগ্ৰ দেশে শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে।