Rhino

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভ বন কৰ্তৃপক্ষই হালদিবাৰীত এখন দ্ৰুতবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত পথ দুৰ্ঘটনাৰ পৰা বাচি যোৱা এটা আঘাতপ্ৰাপ্ত এশিঙীয়া গঁড় বিচাৰি উলিয়াবলৈ অসমৰ্থ হোৱাৰ প্ৰায় ২৪ ঘণ্টা হ'ল।

বনকৰ্মীসকলে আঘাতপ্ৰাপ্ত জন্তুটো বিচাৰি উলিওৱাৰ বাবে হাতী আৰু ড্ৰোনৰ সৈতে কহঁৰাৰ বনাঞ্চলৰ বনকৰ্মী সকলে দিনে নিশাই গঁড়টোৰ সন্ধান অব্যাহত ৰাখিছে ৷

ইফালে, আঘাতপ্ৰাপ্ত গঁড়টো উদ্ধাৰ হ'লে চিকিৎসাৰ বাবে বন বিভাগে সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰিছে।

বিভাগটোৱে নাগৰিকসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু কৰিডৰত দায়িত্বশীলতাৰে গাড়ী চলাবলৈ আহ্বান জনাইছে।