South Salmara

দক্ষিণ শালমাৰাত উৎকোচ লোৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিলে এজন আৰক্ষী কনিষ্টবলক৷

কেৰামত আলী নামৰ আৰক্ষী কনিষ্টবলজনে  ধনৰ বিনিময়ত মুকলি কৰিছিল চোৰাং গৰু সৰবৰাহকাৰীক। উৎকোচ লোৱাৰ সকলো দৃশ্য বন্দী হৈছিল গোপন কেমেৰাত।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাত কৰ্মৰত আৰক্ষী U.B. নায়ক কেৰামত আলীক উৎকোচ লোৱাৰ অপৰাধত দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে যোৱা নিশা আটক কৰে দক্ষিণ শালমাৰা থানাৰ পৰা।