Terrorism

জম্মু-কাশ্মীৰত পুনৰ সংখ্যালঘুলৈ লক্ষ্য কৰি চলিল সন্ত্ৰাসবাদীৰ গুলী। মঙলবাৰে, দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গোপালপোৰা অঞ্চলত এগৰাকী হিন্দু শিক্ষয়িত্ৰীক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা শিক্ষয়িত্ৰীগৰাকী হৈছে ৩৬ বছৰীয়া ৰজনী বালা। নিজ বিদ্যালয়তে গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৰজনী বালাক।