National Federation Cup

অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা ফেডাৰেচন কাপত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। পুৰুষৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে অলিম্পিক বিজয়ী নীৰজে। তিনি বছৰৰ ভিতৰত ভাৰতীয় মাটিত প্ৰথমবাৰৰ বাবে ফেডাৰেচন কাপ প্ৰতিযোগিতাত অংশ লয় নীৰজ চোপ্ৰায়।

উল্লেখ্য যে, কলিঙ্গ এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ২০২৪ চনৰ ফেডাৰেচন কাপ প্ৰতিযোগিতা। কৰ্ণাটকৰ ডি পি মানুক পৰাস্ত কৰি ৮২.২৭ মিটাৰ জেভলিন থ্ৰ’ৰে স্বৰ্ণ আঁজুৰিলে নীৰজে।