চন্দ্ৰৰ পদূলিত ভাৰত!চন্দ্ৰৰ কক্ষপথত উপনীত হৈয়েই প্রথম খন ছবি প্ৰেৰণ চন্দ্ৰযান-৩ৰ......

Moon Eclipse

ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে ভাৰতৰ চন্দ্ৰযান-৩য়ে। ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থা (ইছৰো)ৱে টুইটাৰত "চন্দ্ৰযান-৩ মিছন: দ্য মুন, চন্দ্ৰ কক্ষপথ সন্নিৱিষ্টৰ সময়ত চন্দ্ৰযান-৩ য়ে নিজৰ দৃষ্টিৰে চন্দ্ৰক দেখাৰ" শীৰ্ষক ভিডিঅ'টো মুকলি কৰে। 

Moon Eclipse

 

ভিডিঅ'টোত চন্দ্ৰটো নীলা-সেউজীয়া ৰঙৰ আৰু বহুতো ক্ৰেটাৰ থকা দেখা গৈছে। দেওবাৰে নিশা প্ৰায় ১১ বজাত চন্দ্ৰধান ৰ ডাঙৰ পৰীক্ষাৰ পূৰ্বে প্ৰকাশ কৰা ৪০ ছেকেণ্ডৰ ভিডিঅ'টোত মুকলি কৰি দিয়া হৈছিল।

আনহাতে, মহাকাশযানখনে কেইদিনমানৰ বাবে চন্দ্ৰক প্ৰদক্ষিণ কৰি থাকিব যাতে ইয়াৰ ট্ৰেজেক্টৰী আৰু অধিক সামঞ্জস্য কৰি চন্দ্ৰৰ পৃষ্ঠৰ ওচৰ চাপিব পাৰে ৷ অৰ্থাৎ চন্দ্ৰৰ পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃত্তাকাৰ কক্ষপথ। ইয়াৰ ফলত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ আগতে নিজকে সুৰক্ষিত স্থান দি মহাকাশযানখনৰ বাবে সঠিক অৱতৰণ নিশ্চিত কৰা হয়।Moon Eclipse

 

ইহুৰোৱে জনাইছে যে অহা ডেৰ-দুসপ্তাহ অতি গুৰুত্বপূৰ্ণ হ'ব। সকলো ঠিকে থাকিলে ২৩ আগষ্টৰ সন্ধিয়া ৫:৪৩ বজাত(ভাৰতৰ সময় অনুসৰি) চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰধান-৩য়ে। সেই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছে কোটি কোটি ভাৰতীয়ই।

শনিবাৰে সন্ধিয়া প্রায় সাত বজাত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছত ভাৰতীয় মহাকাশ সংস্থালৈ প্ৰেৰণ কৰা প্ৰথমটো বাৰ্তাত চন্দ্রযান-৩-যে জনায়, "মই চন্দ্রন আকর্ষণ অনুভৱ কৰিছো। ইহুবোৰ সপোনৰ অভিধান চন্দ্রযান-৩ এতিয়া সম্পূর্ণ সুস্থ। এই অভিযানত খৰচ হৈছে মাত্র ৬০০ কোটি টকা।

Moon Eclipse

 

উল্লেখ্য যে এই অভিযান সফল হ'লে ভাৰত চন্দ্ৰত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ'ব। কিন্তু এতিয়ালৈকে চন্দ্ৰত ভৰি দিয়া তিনিওখন দেশে (আমেৰিকা, পূৰ্বৰ ছোভিয়েট ইউনিয়ন, চীন) চন্দ্ৰৰ নিৰক্ষৰেখাৰ ওচৰত অৱতৰণ কৰিছে। তাতে ইছৰোৱে চীনৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ লক্ষ্য লৈছে। এই অভিযান সফল হ'লে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ব।

Category
Profile picture for user UB Photos