নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! অমৰনাথ যাত্ৰা কৰি ঘৰলৈ ওভতাৰ পথত প্ৰাণ হেৰুৱালে ৬ গৰাকীকৈ লোকে.......

Accident

শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত মহাৰাষ্ট্ৰৰ বুলধনা জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা।  দুখনকৈ যাত্ৰীবাহী বাছৰ সংঘৰ্ষৰ ফলত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৬ গৰাকী যাত্ৰী। আনহাতে আহত ২৫গৰাকীকৈ যাত্ৰী। আহত লোকসকলক বুলধনা মুখ্য কাৰ্যালয়ৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, মুম্বাইৰ নাগপুৰ ঘাইপথৰ মালকাপুৰৰ সমীপৰ ফ্লাই অভাৰত সংঘটিত হোৱা দুৰ্ঘটনাৰ ভয়াৱহতা আৰু আহতৰসকলৰ সংকটজনক অৱস্থালৈ চাই মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাত পতিত হোৱা এখন বাছত আছিল তীৰ্থ যাত্ৰী। অমৰনাথ যাত্ৰীসকলক লৈ বাছখন হিংগোলীলৈ উভতিছিল আৰু তাত প্ৰায় ৩৫-৪০ গৰাকী যাত্ৰী আছিল।

accident

দুৰ্ঘটনাগ্ৰস্ত আনখন বাছ নাগপুৰৰ পৰা নাছিকলৈ গৈ আছিল আৰু তাত প্ৰায় ২৫-৩০ গৰাকী যাত্ৰী আছিল। দুৰ্ঘটনাটোত দুয়োখন বাছে বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। মৃত লোককেইগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

প্ৰাৰম্ভিক তথ্য অনুসৰি, নাছিক অভিমুখী বাছখনে এখন ট্ৰাকক অভাৰটেক কৰিবলৈ চেষ্টা কৰি আছিল আৰু তেতিয়াই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। নাছিকলৈ গৈ থকা বাছখন আনখন বাছৰ মুখামুখি হয় আৰু খুন্দা লাগে।

আৰক্ষী বিষয়াই জনোৱা অনুসৰি, ২ গৰাকী মহিলাসহ ৬ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু ২৫ গৰাকী লোক আহত হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক একেখন জিলাৰে আছিল। তেওঁলোক অমৰনাথ যাত্ৰা কৰি ঘৰলৈ উভতি আহি আছিল। মৃত লোককেইজনৰ নাম ক্ৰমে- চালক সন্তোষ জগতাপ (৪৫), শিৱাজী ধনাজী জগতাপ (৫৫), ৰাধাবাই সখাৰাম গাৰে (৫০), সচিন শিৱাজী মঘাৰে (২৮), অৰ্চনা ঘুকছে (৩০) আৰু কনহোপাত্ৰা (৪০)। 

Category
Profile picture for user UB Photos