চিকিৎসা বিজ্ঞানৰ সফলতা! পৃথক কৰিবলৈ সক্ষম সংলগ্ন হৈ থকা যমজ ভগ্নীক................

twin

বৰ্তমান সময়ত বিজ্ঞানে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। তেনে সময়তে চিকিৎসা বিজ্ঞানৰ এক চমৎকাৰিতা। বুকু আৰু পেটৰ ওপৰৰ অংশত সংযুক্ত হৈ থকা যমজ ভগ্নী ৰিদ্ধি আৰু সিদ্ধীক পৃথক কৰিবলৈ সক্ষম হ'ল চিকিৎসক। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ চিকিৎসকৰ এক সফলতা। 

twin

শিশু অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী ডাঃ মীনু বাজপেয়ীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ বৰেলীৰ দীপিকা গুপ্তাই ৪ মাহৰ গৰ্ভাৱস্থাতে গম পাইছিল যে তেওঁৰ গৰ্ভত যমজ সন্তান আছে , আৰু সন্তান দুটিৰ বুকু আৰু পেট সংযুক্ত হৈ আছে। মীনু বাজপেয়ীয়ে জনোৱা অনুসৰি , ২০২২ চনৰ ৭ জুলাইত জন্ম গ্ৰহণ কৰা এই দুয়োগৰাকী কন্যা সন্তানক ৫ মাহ ধৰি আই চি ইউত ৰখা হৈছিল। লগতে ৯ ঘন্টা ধৰি চলি থকা অস্ত্ৰোপচাৰৰ পিছত দুয়োকে পৃথক কৰি ৰখা হৈছিল। আনহাতে, দুয়োগৰাকী ছোৱালীৰ প্ৰথম জন্মদিনটো চিকিৎসালয়তে উদযাপন কৰা হয়।

twin

শিশু অস্ত্ৰোপচাৰৰ অতিৰিক্ত অধ্যাপক ডাঃ প্ৰবুদ্ধ গোৱালে কয় যে, এয়া এক অদ্ভূত বিসংগতি য'ত কামিহাড়, যকৃত, ডায়েফ্ৰাম আদি একেলগে সংযুক্ত হৈ আছিল। লগতে তেওঁ কয় যে, এই ছোৱালীকেইজনীয়ে অস্ত্ৰোপচাৰ সহ্য কৰিব পৰা অৱস্থাত উপনীত হোৱাৰ সময়তে ১১ মাহ বয়সত অস্ত্ৰোপচাৰ কৰা হৈছিল। চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীকে ধৰি প্ৰায় ৬৪ জনীয়া এটা দলে এই ছাৰ্জাৰী সফল কৰি তোলে। 
 

Category
Profile picture for user UB Photos