
পৰিয়ালৰ সৈতে পিকনিক খাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই । সাগৰৰ প্ৰচণ্ড ঢৌৱে নিমিষতে শেষ কৰি পেলালে এটা পৰিয়াল । অসহায় আৰু উপায়হীন হৈ কেৱল চাই ৰ'লে সন্তানসহ স্বামীয়ে । এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে মুম্বাইৰ বান্দ্ৰা বেণ্ডষ্টেণ্ডত ।

জানিব পৰা মতে, সাগৰৰ ঢৌৱে উটুৱাই নি মৃত্যু ঘটোৱা মহিলা গৰাকী ৩২ বছৰীয়া জ্যোতি সোণাৰ বুলি জানিব পৰা গৈছে । মহিলা গৰাকীয়ে স্বামী, পুত্ৰ আৰু কন্যাৰ সৈতে সাগৰৰ পাৰলৈ পিকনিক খাবলৈ গৈছিল । আৰু তাতে এটা শিলৰ ওপৰত বহি স্বামী-স্ত্ৰীয়ে ফটো উঠি আছিল । তেনে সময়তে সাগৰৰ এটা প্ৰৱল ঢৌৱে কোবাই যায় দম্পতিহালক আৰু সেই প্ৰচণ্ড ঢৌত উটি যায় মহিলা গৰাকী । বৰ্তমান এই শিহৰণকাৰী ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।

কোনে ভাবিছিল সেই মধুৰ সময়খিনিয়ে কাল হৈ পৰিব তেওঁলোকৰ বাবে । মূহুৰ্তৰ ভিতৰতে শেষ হৈ পৰিব এটা পৰিয়াল ।

লগতে ভাইৰেল ভিডিঅ'টোত, জ্যোতিক ঢৌৱে উটুৱাই নিয়া দেখা গৈছে । প্ৰত্যক্ষ দৰ্শীয়ে জনোৱা অনুসৰি, একাংশ লোকে জ্যোতিৰ স্বামীৰ ভৰিত খামুচি ধৰি তেওঁক ৰক্ষা কৰিছিল, কিন্তু জ্যোতিক ৰক্ষা কৰিব পৰা নগ'ল । শেষত বহু বিচাৰ কৰাৰ পিছত ডুবাৰুৱে জ্যোতিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
- Log in to post comments