"অসম–মিঞা ভাই ভাই, মিঞা নাথাকিলে অসম নাথাকে!" – ধুবুৰীত এই বিতৰ্কিত মন্তব্য বদৰুদ্দিন আজমলৰ

Ajmal

নিৰ্বাচন অহাৰ লগে লগে শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক সকলোৰে মুখত এতিয়া বিতৰ্কিত মন্তব্য। বুধবাৰে নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা সন্দৰ্ভত কৈছিল যে- "অসমীয়া আৰু মিঞাৰ মাজত প্ৰতিযোগিতা হ’ব লাগে।" মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।

ধুবুৰীত এক নিৰ্বাচনী সভাৰ সময়ত বদৰুদ্দিন আজমলে ক’লে – "অসমৰ লগত যদি মিঞা নাথাকে সেইটো সম্পূৰ্ণ নহ’ব। অসম–মিঞা ভাই ভাই, মিঞা নাথাকিলে অসম নাথাকে! বিভাজন নকৰাটো ভাল। মুখ্যমন্ত্ৰী এগৰাকীয়ে এইবোৰ কথা ক’ব লাগে নেকি?"

বদৰুদ্দিন আজমলে অসমীয়া শব্দটোক ‘অস’ আৰু ‘মিঞা’ দুটা ভাগত ভাগ কৰিলে। ধুবুৰীৰ ভাষানীৰ চৰত নিৰ্বাচনী সভাৰ পিছত সাংবাদিকৰ সন্মুখত প্ৰসংগক্ৰমে এই বিতৰ্কিত মন্তব্য কৰে বদৰুদ্দিন আজমলে।

আনহাতে, ৰকিবুল হুছেইন ধুবুৰীৰ প্ৰাৰ্থী হ’লে ১০ লাখ টকাৰ সাহায্য দিব আজমলে। ৱাজেদ আলী চৌধুৰীক দহ লাখ টকা দিলে সকলো ভোট আমাক দিব বুলিও মন্তব্য কৰে আজমলে।
 

Category
Profile picture for user UB Photos