বহু হিংসাত্মক পৰিস্থিতিৰ অন্তত আজি পশ্চিমৱংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা....

Election

বহু হিংসাত্মক পৰিস্থিতিৰ অন্তত আজি পশ্চিমৱংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা । পুৱা ৮ বজাৰে পৰা আৰম্ভ হৈছে ভোটগণনা পৰ্ব। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে ভোট গণনা ।

Election

যোৱা ৮ জুলাইত ৰাজ্যখনৰ ২২ জিলাৰ ৬১,৫৩৯টা বুথত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন। পশ্চিমৱংগৰ পঞ্চায়ত নিৰ্বাচনত ৭৩,৮৮৭খন আসনত অৱতীৰ্ণ হৈছিল প্ৰায় ২ লাখ প্ৰাৰ্থী। ৰাজ্যখনত প্ৰায় ৮০.৭১ শতাংশতকৈও অধিক লোকে ভোটদান কৰিছিল। 

উল্লেখ্য যে, ভোট গ্ৰহণৰ পূৰ্বৰে পৰা ৰাজ্যখনত সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ। ফলত ৰাজ্যখনৰ ১৯খন জিলাৰ ৬৯৬টা কেন্দ্ৰত দেওবাৰে পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হৈছিল। কোচবিহাৰ, মালদহ আদি ঠাইত সৃষ্টি হৈছিল নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক পৰিৱেশ। যাৰ ফলত নিহত হৈছিল কুৰিৰো অধিক, আহত হৈছিল শতাধিক লোক।


 

Category
Profile picture for user UB Photos