লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচন; গুৱাহাটীত ১২ ৰাজ্যৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক......

BJP Office

সন্মুখত লোকসভা নিৰ্বাচন। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে । নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে একত্ৰিত বিৰোধী শিবিৰ। 

উল্লেখ্য, বৃহস্পতিবাৰে গুৱাহাটীত বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা,পশ্চিমবংগৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যসহ মুঠ ১২খন ৰাজ্যৰ এখন বৈঠক অনুষ্ঠিত হৈছে ৷ বৈঠক উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ। এই বৈঠকত বিজেপিয়ে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিব বুলি জানিব পৰা গৈছে ৷ 

BJP Office

আনহাতে, এই বৈঠক সন্দৰ্ভত অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ সিদ্ধান্ত অনুসৰি সমগ্ৰ দেশক তিনিটা জ'নত বিভক্ত কৰি তিনিওটা জ'নতে বৈঠক অনুষ্ঠিত কৰা হৈছে। ইয়াৰে প্ৰথমখন বৈঠক গুৱাহাটীত অনুষ্ঠিত হৈছে। এই বৈঠকত পূৱ ক্ষেত্ৰৰ ১২ খন ৰাজ্যৰ ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি দলীয় শীৰ্ষ নেতাসকল উপস্থিত থাকিব।

BJP Office

উল্লেখ্য যে, পুৱা ১০ বজাৰ আৰম্ভ হোৱা এই বৈঠক সন্ধিয়া ৫ বজালৈ অব্যাহত থাকিব। আজিৰ এই বৈঠকত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপৰিও উত্তৰ পূৱৰ সমন্বয়ক সম্বিত পাত্ৰ, ১২ খন ৰাজ্যৰ সভাপতি, সাংগঠনিক সম্পাদকসকল, সহ প্ৰভাৰীসকল উপস্থিত আছে। 

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু কৌশল সন্দৰ্ভত বৈঠকত আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।

Category
Profile picture for user UB Photos