খুৱেই ভয়ংকৰ বাছ দুৰ্ঘটনা!৮০ ফুট দ খাৱৈত বাগৰিল বাছ; নিহত ২৯জন, আহত ২০ৰো অধিক .......

maxico

বুধবাৰে মেক্সিকোত ভয়ংকৰ আৰু শোকাৱহ বাছ দুৰ্ঘটনা সংঘটিত হয় । বাছ দুৰ্ঘটনাটোত শিশু-মহিলাসহ ২৯ জনকৈ যাত্ৰীৰ থিতাতে নিহত হোৱাৰ লগতে সংকটজনক অৱস্থাত ২০ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

maxico

উল্লেখ্য যে, দক্ষিণ মেক্সিকোত এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই ৮০ ফুট খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হৈছিল এই দুৰ্ঘটনা। অতি দুৰ্গম অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছতে উদ্ধাৰ অভিযান চলে। বাছখনৰ আটাইকেইজন যাত্ৰী শ্ৰমিক আছিল বুলি অনুমান কৰা হৈছে। 

maxico

জানিব পৰা মতে, নিহতসকলৰ ভিতৰত আছে এবছৰীয়া শিশুসহ ১৩ পুৰুষ, ১৩ গৰাকী মহিলা। নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সংকটজনক অৱস্থাত ২০ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত বছৰত মক্সিকোত আন এক পথ দুৰ্ঘটনাত ১৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। 

Category
Profile picture for user UB Photos