এইবাৰ বিহু মঞ্চত কিয় পৃথক হাৰ্টথ্ৰৱ? উৎপতীয়া জুবিনক আকৌ ঘূৰাই বিচাৰে নেকি আপুনি?

Zubeen Garg

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য। চৌদিশে মাথো ঢোলৰ গুমগুমনি- পেপাৰ টিহিটি টিহিটি মাত। বিহুৰ বতৰত ব্যস্ত প্ৰতিগৰাকী কণ্ঠশিল্পীও। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে সংগীতানুষ্ঠানত পৰিৱেশন কৰিছে শিল্পীসকলে। ব্যতিক্ৰম নহয় জুবিন গাৰ্গো। কিন্তু এইবাৰ ব্যতিক্ৰম হাৰ্টথ্ৰৱৰ প্ৰত্যেকটো সংগীতানুষ্ঠান। এইবাৰ  পৃথক ৰূপত দেখা গৈছে জুবিন গাৰ্গক। প্ৰত্যেক বাৰৰ দৰে এইবাৰ বিহুমঞ্চত উৎপাত কৰা নাই জুবিনে। উৎপতীয়া জুবিন নহয় শান্ত-শিষ্ট জুবিনেহে গীত পৰিৱেশন কৰিছে সংগীতানুষ্ঠাত। জুবিনৰ এই ৰূপ দেখি মুগ্ধ হৈ পৰিছে দৰ্শক সকল। সামাজিক মাধ্যমতো বিভিন্ন জনে জুবিনৰ এই ৰূপৰ সন্দৰ্ভত বিভিন্ন পোষ্ট দিয়া পৰিলক্ষিত হৈছে। 
অৱশ্যে এইবাৰৰ অনুষ্ঠানত জুবিনে পৰিৱেশন কৰিছে জুবিনৰ পুৰণি দিনৰ গীত সমূহ। য'ত জড়িত হৈ আছে আমাৰ এটা এটা মধুৰ স্মৃতি। যি গানে প্ৰত্যেকৰে মনত সাঁচ বহুৱাই গৈছিল সেই গীত সমূহেই এইবাৰৰ মঞ্চত পৰিৱেশন কৰিছে হাৰ্টথ্ৰৱে। 
জুবিনৰ এই ৰূপ দেখি সকলোৰে মনত এটা প্ৰশ্নৰেই উদয় হৈছে। প্ৰশ্নটো হৈছে- সলনি হ'ল নেকি জুবিন? শেহতীয়াকৈ এক অনুষ্ঠানত কণ্ঠশিল্পী গৰাকীয়ে সকলোৰে মনত উদয় হোৱা প্ৰশ্নটোৰ উত্তৰ দি কয়- 'মোক‌ এইকেইদিন বহুতে সুধি আছে, দাদা উৎপাত নকৰা হ'ল নেকি? উৎপাত কৰিম, শেষ হোৱা নাই। মোৰ আহিব লগা চিনেমাখনত মই এটা শান্ত চৰিত্ৰত থাকিম। গতিকে আপোনালোকৰ লগত অলপ শান্ত হ’বলৈ চেষ্টা কৰিছো। নতুন চিনেমাৰ কাম শেষ হ'লে মই আকৌ উৎপাত কৰিম।'
আপুনি পিছে জুবিন গাৰ্গ কোনটো ৰূপত থকাটো বিচাৰে? বৰ্তমানৰ শান্ত-শিষ্ট জুবিন নে পূৰ্বৰ উৎপতীয়া জুবিন?

Category
Profile picture for user UB Photos