
শোণিতপুৰত সংঘটিত হৈছে মানৱ সৰবৰাহৰ ঘটনা৷ কাম দিয়াৰ প্ৰলোভনেৰে ঠিকাদাৰে চলাইছে মানৱ সৰবৰাহ ৷ লখিমপুৰৰ হাছিনুৰ ৰহমান নামৰ ঠিকাদাৰে ইটানগৰত কাম দিয়া প্ৰলোভনেৰে শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ গটাইমাৰী চাপৰিৰ পৰা লৈ যায় ৬গৰাকী শ্ৰমিক। এমাহ ধৰি সন্ধান নাই শ্ৰমিককেইজনৰ ৷ শ্ৰমিকৰ মুক্তিৰ দাবীত ঠিকাদাৰে ফোনযোগে মুক্তিপন বিচাৰিছে দুইলাখ টকা৷ পৰিয়ালে ইতিমধ্যে মুক্তিৰ বাবে আদায় দিছে এক লাখ টকা৷ ধন আদায় দিয়াৰ পিচতো ঠিকাদাৰে বৰ্তমানেও মুক্তি কৰি দিয়া নাই শ্ৰমিককেইগৰাকীক। ঠিকাদাৰজনে বৰ্তমানো শ্ৰমিককেইগৰাকী মুক্তি কৰি নিদিয়াত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালকেইটা।
- Log in to post comments