থোৰতে চাও আহক বাজেট ২০২৩ ত উত্থাপিত বিষয় সমূহ !!

Budget

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰে ২০২৩২৪ বিত্তীয় বৰ্ষৰ বাজেট।থূল-মূলকৈ চাও আহক কি কি বিষয় উত্থাপন কৰিলে বাজেটত?

বাজেটত বিশেষভাৱে তিনিটা বিষয়ত গুৰুত্ব

স্ব-নিয়োজন, দৰিদ্ৰতা দূৰীকৰণ আৰু শিক্ষা

আৰ্থ-সামাজিক দিশৰ ওপৰতো দিয়া হৈছে গুৰুত্ব

দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোককো গুৰুত্ব

১৪ এপ্ৰিলত বিহুৰে বিশ্ব জিনিব অসমে

অসমত বৃদ্ধি পাইছে জনমুৰী আয়

ৰাজ্যত বৃদ্ধি হৈছে ঘৰুৱা উৎপাদন

১.২০ লাখ কোটি ব্যয়ৰ লক্ষ্য

GSDP ৫.৫ লাখ কোটি অতিক্ৰম

ঋণ আৰু জন অনুপাত বৃদ্ধি

২০২০ৰ ৫০.৭ শতাংশৰ পৰা ২০২২ত ৫৭.৫%লৈ বৃদ্ধি

চৰকাৰৰ ধান ক্ৰয় আঁচনিত ৪৩,৯৭৮ কৃষক উপকৃত

ধান ক্ৰয় প্ৰক্ৰিয়াত কৃষকে উপাৰ্জন কৰিলে ১,০৯৭ কোটি

সচিবালয়ত সম্পূৰ্ণ হৈছে E অফিচ ব্যৱস্থা

মিছন ভূমিপুত্ৰই উপকৃত কৰিছে সৰ্বসাধাৰণক

৩১,১২৬ কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে ১৫টা প্ৰকল্প

,৮৭৫ কোটি টকাৰ ডিমা হাচাওত পথ উন্নয়ন প্ৰকল্প

অসম অন্তঃদেশীয় জলপৰিবহণ প্ৰকল্পত ৮৭০ কোটি টকা

নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পত ২,১৯৭ কোটি টকা

নতুন পৰ্যটন নীতিত ২০২২ প্ৰস্তুত

২০২১ চনৰ ১০ মেৰ পৰা বৰ্তমানলৈকে ৪১,৯২০গৰাকীক নিযুক্তি

৪০ হাজাৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত

পূৰ্বৰ ১ হাজাৰ টকাৰ পৰিৱৰ্তে ২০২২ৰ অক্টোবৰৰ পৰা ১২৫০ টকালৈ বৃদ্ধি

১৭,০৯,৬২৬ গৰাকী লোকলৈ PMAY-Gৰ গৃহ অনুমোদন

৭ লাখ ১৫ হাজাৰ ৬১৮টা গৃহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য অন্তিম পৰ্যায়ত

চৰাইদেউ, বিশ্বনাথত দুখন মেডিকেল কলেজৰ কাম আৰম্ভ

গুৱাহাটীত স্বাস্থ্য ভৱন নিৰ্মাণৰ কাম হাতত লোৱা হৈছে

ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলং নিৰ্মাণৰ কাম ৬৬% সম্পন্ন

পলাশবাৰী-শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণৰ প্ৰস্তুতি

এই দলঙৰ বাবে ৩,১৯৭.২০ কোটি টকা মঞ্জুৰ

আৰ জি বৰুৱা ৰোডৰ ফ্লাই অভাৰৰ কাম ৪০% সম্পূৰ্ণ

২১৪খন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত

৭১৬খন বিদ্যালয়ক শীঘ্ৰে উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ লক্ষ্য

১১৯খন আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে প্ৰস্তুতি

ৰাজ্যৰ চাহ বাগিচাত ১০০ খন আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৩,৫৭,৯০৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই

৬খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে

মঙলদৈত চলি আছে দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম

এই বিশ্ববিদ্যালয়ত ব্যয় হব ১০৬ কোটি

NDPS আইনৰ অধীনত ৫,১৯১টা গোচৰ

২২১ কিঃগ্ৰাঃ হেৰইন, ৬৭,৮৬৪ কিঃগ্ৰাঃ গাঞ্জা জব্দ

৩৩১৭ কিঃগ্ৰাঃ পপী ষ্ট্ৰ জব্দ

৮৬৩২টা ড্ৰাগ্ছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মানৱ সৰবৰাহৰ ২০৩টা গোচৰ

১৭৩টা মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

৩৫৮গৰাকী পীড়িতক উদ্ধাৰ

২০২২ বৰ্ষত এটাও গঁড় নিধন নোহোৱাৰ ৰেকৰ্ড

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ

বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি ভাৰত

মূলধনী ব্যয় ২০,২৯৯ কোটি টকালৈ বৃদ্ধি

প্ৰতিমাহে ৰাজহ সংগ্ৰহ ৩,৫০০ কোটিলৈ বৃদ্ধি

নিজৰ পুঁজিৰ পৰা দিয়া হৈছে চৰকাৰী কৰ্মচাৰীক বেতন

ক্ষুদ্ৰ উদ্যোগৰ বাবে নিবনুৱালৈ ২ লাখ টকাৰ এককালীন পুঁজি

৩ বছৰত ৫ হাজাৰ কোটি বিনিয়োগৰ লক্ষ্য

এইবাৰ বাজেটত ইয়াৰ বাবে নিৰ্ধাৰণ ১ হাজাৰ কোটি

মাইক্ৰফাইনেন্সৰ ঋণীক ১৭৮৯ কোটি টকাৰ সাহায্য

অৰুণোদয়ৰ ধনৰ পৰিমাণ ১৪০০ টকালৈ বৃদ্ধিৰ প্ৰচেষ্টা

অৰুণোদয় আঁচনিৰ বাবে বাজেটত ৩,৪২০ কোটি টকা ধাৰ্য

আয়ুস্মান ভাৰত জন আৰোগ্য যোজনা ৰূপায়ণ

৩০ লাখ পৰিয়াল এই আঁচনিৰ অধীনত

৫ লাখ টকাৰ নগদবিহীন চিকিৎসা সেৱা

ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এই সুবিধা

প্ৰতি পৰিয়ালক প্ৰদান কৰা হব নগদবিহীন কাৰ্ড

এই আঁচনিৰ বাবে বাজেটত ১৩৫ কোটি ধাৰ্য

৪০ লাখ লোকক নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ

বাজেটত খাদ্য সুৰক্ষা আঁচনিৰ বাবে ৪০৪.৯৪ কোটি

PMAY-G আঁচনিত ২০ লাখ ঘৰৰ জিঅটেগ

১৫.৫ লাখ পৰিয়ালক যোগ্য বিবেচনা

৩.৩ লাখ ঘৰৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

শীঘ্ৰে আৰম্ভ হব মুখ্যমন্ত্ৰীৰ আৱাস যোজনা

ইয়াৰ বাবে এই বাজেটত ৮০০ কোটি টকাৰ আবণ্টন

৫০০খন হাইস্কুললৈ ১ কোটিকৈ টকা

এই ধনেৰে নিৰ্মাণ হব অত্যাধুনিক আন্তঃগাঁথনি

ইয়াৰ বাবে বাজেটত ২ হাজাৰ ৫০০ কোটি টকা আবণ্টন

নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰোহণ আঁচনি

চৰকাৰী, প্ৰাদেশিকৃত হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ চাইকেল

স্নাতক পৰ্যায়লৈকে পাঠ্যপুথিৰ বাবে সাহায্য

মেডিকেল, পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল মাচুল ৰেহাই

২ হাজাৰ টকালৈকে ৰেহাই পাব হোষ্টেল মাচুল

এই সুবিধা স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈও

স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বছৰি ১০ হাজাৰ টকাৰ যাতায়তী মাচুল

কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ প্ৰক্ৰিয়া

শিৱসাগৰ কলেজ, কোকৰাঝাৰ কলেজ, বঙাইগাঁও কলেজ

জে বি কলেজ, উত্তৰ লখিমপুৰ কলেজ, সন্দিকৈ কলেজ

নগাঁও কলেজ, শিলচৰৰ গুৰুচৰণ কলেজো তালিকাত

ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপগ্ৰহীয় চৌহদ

প্ৰজ্ঞান ভাৰতী আঁচনিৰ বাবে বাজেটত ১,২০০ কোটি

৩ তৰপীয়া স্বাস্থ্য সেৱা ব্যৱস্থাত অগ্ৰাধিকাৰ

আৰম্ভ হব অসম নগৰীয়া স্বাস্থ্য অভিযান

অসমৰ ৰপ্তানিৰ ৯০ শতাংশ চাহ

অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী পালন হ

দেশৰ মহানগৰসমূহৰ লগতে বিদেশতো ৰোড শ্বৰ প্ৰস্তুতি

চাহৰ ৰাজসাহায্য বৃদ্ধিৰ প্ৰক্ৰিয়া অব্যাহত

৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ সম্ভাৱনা

৩ বছৰলৈ কৃষি আয়কৰৰ ওপৰত কৰ ৰেহাই

চাহ শ্ৰমিক পৰিয়ালৰ বকেয়া বিদ্যুৎ বিল ৰেহাই

ইয়াৰ বাবে বাজেটত ১৫০ কোটি টকা ধাৰ্য

মহাপ্ৰভু জগন্নাথ প্ৰেক্ষাগৃহৰ বাবে ২০০ কোটি

চাহ বাগিচাৰ লেবাৰ লাইনত ১০ হাজাৰ গৃহ নিৰ্মাণ হ

এই নিৰ্মাণ হব মুখ্যমন্ত্ৰীৰ আবাস যোজনাৰ অধীনত

আদিবাসী সম্প্ৰদায়ক উপ শ্ৰেণী হিচাপে স্বীকৃতি দিয়া হ

এই শ্ৰেণী থাকিব অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত

মাধৱদেৱৰ জন্মস্থান সংৰক্ষণৰ প্ৰকল্প

বটদ্ৰৱা থানৰ বাবেও বিশেষ প্ৰকল্প

অসম দৰ্শন আঁচনিৰ অধীনত ৮ হাজাৰ নতুন নামঘৰ

এই নামঘৰসমূহে লাভ কৰিব ২.৫ লাখকৈ টকা

১০০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ ১৫ লাখকৈ টকা

ইয়াৰ বাবে বাজেটত ধাৰ্য ১৮০ কোটি টকা

কামাখ্যা কৰিডৰ উন্নয়নৰ সিদ্ধান্ত

ৰংঘৰৰ সমীপত ৮৩ বিঘা ভূমিত নতুন প্ৰকল্প

ভূমি অধিগ্ৰহণৰ বাবে ৩২ কোটি টকা মুকলি

অহা বৰ্ষৰ এপ্ৰিলৰ পৰা আৰম্ভ হব এই কাম

শংকৰী গৱেষণাৰ বাবে দিল্লীৰ JNUত এখন আসন

প্ৰতিমা বৰুৱা পাণ্ডেৰ ৰাজহাউলী সংৰক্ষণৰ প্ৰচেষ্টা

বীৰ লাচিতৰ বীৰত্বৰ কাহিনীৰে দেশজুৰি নাটক

৫০০গৰাকী বিশিষ্ট শিল্পীয়ে অভিনয় কৰিব দেশজুৰি

অৰুণোদয় আঁচনিত সত্ৰৰ উদাসীন ভকত

প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস

কেঁচুৱাৰ মৃত্যুৰ হাৰো হ্ৰাস

গাঁও পঞ্চায়তৰ সচিব হব বাল্যবিবাহ নিবাৰক বিষয়া

কন্যা সন্তানৰ স্বাৰ্থ বিঘ্নিত নকৰিবলৈ বিত্তমন্ত্ৰীৰ আহ্বান

প্ৰতিখন গাঁওলৈ ৫ হাজাৰ টকাৰ উদগনিমূলক পুঁজি

গ্ৰামাঞ্চলত উৎপাদিত বস্ত্ৰ ক্ৰয়ৰ হাৰ বৃদ্ধি কৰা হ

বন্ধ, হৰতাল, ধৰ্ণাৰ ঘটনা হ্ৰাস

গুজৰাটৰ খেল মহাকুম্ভৰ আৰ্হিত অসমত খেল মহাৰণ

প্ৰতিখন ৰাজহ গাঁৱকে দিয়া হব ১০ হাজাৰকৈ টকা

সাংস্কৃতিক মহাসংগ্ৰাম শীৰ্ষক নতুন আঁচনি

এই আঁচনিত প্ৰতি গাঁৱলৈ ১০ হাজাৰ টকা

চলিত বৰ্ষত স্থাপন হব ৫ হাজাৰ নতুন অংগনৱাড়ী কেন্দ্ৰ

,১৩,৮২০গৰাকী বিধৱাই লাভ কৰিছে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন

মুখ্যমন্ত্ৰীৰ নগৰীয়া পথ পকীকৰণ শীৰ্ষক নতুন আঁচনি

চলিত বৰ্ষত ৩ হাজাৰ কিঃমিঃ অতিৰিক্ত পথ নিৰ্মাণ

RTPS ৰ্টেলত শীঘ্ৰে ৩০০ সেৱাৰ সংযোগ

আপোন ঘৰ, আপোন বাহন আঁচনি অব্যাহত থাকিব

এই আঁচনিৰ বাবে বাজেটত নিৰ্ধাৰণ ১০৮ কোটি টকা

আপোন বাহন আঁচনিৰে চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ

লাভ কৰিব ২% ঋণৰ ৰেহাই

মহিলা আৰু দিব্যাংগৰ বাবে ঋণৰ ৰেহাই হাৰ ৩%

এই আঁচনিৰ বাবে বাজেটত ১২ কোটি টকাৰ প্ৰস্তাৱ

নাবাৰ্ডৰ ১০ হাজাৰ কোটি সাহায্যৰে কেইবাটাও নতুন প্ৰকল্প

SOPDৰ অধীনত ৩৪৩ কিঃমিঃ পথ নিৰ্মাণ

অসম মালাৰ বাবে ১,৮৬১.২০ কোটি বৰ্তমানলৈকে মুকলি

গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পক বাস্তবায়িত কৰাৰ চেষ্টা অব্যাহত

বিত্তমন্ত্ৰীৰ বাজেট ভাষণত কাজিৰঙাৰ উৰণীয়া সেতু

ধনৰ মঞ্জুৰী আৰু অনুমোদন প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত

ৰাজ্যত ১৪খন উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি

নিৰ্মাণ কৰা হব কেইবাটাও জিলা পুথিভঁড়াল, আৱৰ্ত ভৱন

অধিক শক্তিশালী কৰা হব গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম

আসনৰ সংখ্যা বৃদ্ধি পাব ১৫ হাজাৰলৈ

পুনৰ নিৰ্মাণ কৰা হব ৰবীন্দ্ৰ ভৱন

শংকৰদেৱ কলাক্ষেত্ৰত ৫ হাজাৰ আসনযুক্ত প্ৰেক্ষাগৃহ

মাছখোৱাৰ ITAতো ৫ হাজাৰ আসনযুক্ত প্ৰেক্ষাগৃহ

নতুন দিল্লী আৰু কলকাতাত অসম ভৱনৰ নিৰ্মাণৰ কাম আৰম্ভ

ভেলোৰত সম্পূৰ্ণ অসম ভৱনৰ নিৰ্মাণৰ কাম

বন্যপ্ৰাণীৰ স্বাস্থ্য আৰু পুনৰ সংস্থাপন প্ৰতিষ্ঠান

ইয়াৰ বাবে বাজেটত ধাৰ্য ২৫০ কোটি টকা

PWDৰ পথ-ভৱনৰ আন্তঃগাঁথনিৰ বাবে ১৫,১০২ কোটিৰ প্ৰস্তাৱ

লঘু উদ্যোগ, উদগনি শীৰ্ষক নতুন আঁচনি

মূলধনী বিনিয়োগৰ ১০% মূলধনী ৰাজসাহায্য

৫০ লাখ টকা পৰ্যন্ত আগবঢ়োৱাৰ প্ৰস্তাৱ

স্বচ্ছ জিলাৰ পুৰস্কাৰ ঘোষণা

উৎকৃষ্টতম জিলালৈ ১০০ কোটি টকাৰ পুৰস্কাৰ

আত্মসমৰ্পণ কৰা বিদ্ৰোহীয়ে লাভ কৰিছে ৪ লাখ টকাৰ ফিক্সড ডিপজিট

যুদ্ধবিৰতিত থকা কেডাৰৰ পুনৰ সংস্থাপনৰ বাবে ৯৪.০১ কোটিৰ প্ৰস্তাব

আৰক্ষীৰ জৰুৰীকালীন ব্যৱস্থাপনা পদ্ধতিৰ বাবে ২৫ কোটি

ৰাজ্যৰ চিকিৎসালয়লৈ ১ হাজাৰখন নতুন এম্বুলেন্স

৯খন মেডিকেল কলেজত B.Sc নাৰ্চিং কলেজ

MBBSৰ কিছু আসন NRIৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ

৭৯খন কেবিনেটত ১,০৪৭টা সিদ্ধান্ত গৃহীত

৮৪% কেবিনেট সিদ্ধান্ত বৰ্তমানলৈকে কাৰ্যকৰী

কেবিনেট আউটৰীচৰ বাবে বাজেটত ৫০০ কোটিৰ আবণ্টন

উড়ান বায়ুপথত কম খৰচত বিমান চলাচলৰ ব্যৱস্থা

৫৭বিধ বাণিজ্যিক গছ ৰোপণত প্ৰদান কৰা হব উৎসাহ

চৰকাৰী প্ৰতিষ্ঠানত বাণিজ্যিক গছপুলি ৰোপণৰ আঁচনি

বৈদ্যুতিক বাহন ক্ৰয়ত ২% কৰ ৰেহাই

পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যত সেউজ বাজেট

সেউজ উদ্ভাৱন পুঁজি গঠন কৰা হ

ইয়াৰ বাবে বাজেটত ২৫ কোটি টকাৰ কৰ্পাছ পুঁজি

মানসিক স্বাস্থ্য নীতি আৰম্ভ কৰাত বিত্তমন্ত্ৰীৰ গুৰুত্ব

২০২০ বৰ্ষত দেশত আত্মহত্যাৰ হাৰ আছিল সৰ্বাধিক

১৮১টা ভ্ৰাম্যমাণ পশু চিকিৎসা গোট

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ পেঞ্চনৰ বাবে ২০০ কোটি

তেজপুৰ DFT প্ৰকল্পৰ বাবে ৩২.৫৭ কোটি

ৰাজহুৱা ক্ৰয় ব্যৱস্থাৰ বাবে অনলাইন পৰ্টেল পাঠ্যক্ৰম

ৰাজহুৱা আৰু স্পৰ্শকাতৰ অঞ্চলত CCTV স্থাপন

এই প্ৰকল্পৰ বাবে গুৱাহাটীলৈ ২০০ কোটি

চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ নাম সলনি

নতুন নাম চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়

গুৱাহাটীৰ পৰা চিলেট হৈ ঢাকালৈ বাছ সেৱাৰ পৰিকল্পনা

ৰাজ্যত ২৭টা পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন

কৃষিজাত শস্যৰ ৰপ্তানি ২৫০% বৃদ্ধি

২০৮৪ হেক্টৰ ভূমিত তাল খেতি

অসম মিলেট আঁচনি আৰম্ভ

Category
Profile picture for user UB Photos