দুপৰীয়া ভাতসাঁজ খাই শোৱাৰ অভ্যাস আছে নেকি আপোনাৰ? আপুনি জানেনে এই অভ্যাস আপোনাৰ শৰীৰৰ বাবে উপকাৰী নে অপকাৰী?

Sleeping

খোৱাৰ পিছত প্ৰায় সকলোকে টোপনিয়ে হেঁচা মাৰি ধৰে। সাধাৰণতে প্ৰায়ভাগ মানুহেই দুপৰীয়াৰ ভাতসাজ খোৱাৰ পাছতে শোৱাৰ অভ্যাস গঢ়ি লয়।এইসকল মানুহৰ ধাৰণা যে দুপৰীয়া অকণমান নুশুলে পিছবেলা কাম-কাজ কৰাৰ অসুবিধা হয়।পিছে তেওঁলোকৰ এইধাৰণা ভুল। দুপৰীয়া শোৱাৰ অভ্যাসে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। আয়ুৰ্বেদ শাস্ত্ৰমতে দুপৰীয়া শুলে দেহত তাৰ নেতিবাচক প্ৰভাৱ পৰে। তদুপৰি খোৱাৰ পিছতে শোৱা উচিত নহয়। শুবলৈ যোৱাৰ পূৰ্বে অন্ততঃ এঘন্টা সময় খোজকঢ়া বা বহি থকা উচিত। নহলে খাদ্য হজম হোৱাত সমস্যা হয়। উল্লেখ্য যে সকলোৰেই বাবে দুপৰীয়া শোৱাটো অপকাৰী নহয় কিছুমান বিশেষ ব্যক্তিৰ বাবেহে দুপৰীয়া শোৱাটো অপকাৰী। তলত উল্লেখ কৰা হল-

ক) যিসকল ব্যক্তিৰ কোষ্ঠ কাঠিন্যৰ সমস্যা আছে বা সহজে খাদ্য হজম নহয় তেওঁলোকে দুপৰীয়া শোৱাৰ অভ্যাস ত্যাগ কৰক।

খ) যিসকলৰ পেশীৰ সমস্যা আছে বা পেশীৰ বিষত আক্ৰান্ত তেওঁলোকে দুপৰীয়া শোৱাৰ অভ্যাস বন্ধ কৰক। বিশেষকৈ শীত আৰু বসন্ত কালত তেওঁলোকে দুপৰীয়া মুঠেও শুব নালাগে।

দুপৰীয়া শুলে খাদ্যত এলাৰ্জি আৰু শৰীৰটো গধুৰ অনুভৱ হব পাৰে। তদুপৰি অত্যাধিক মূৰৰ বিষ আৰু নাকত জ্বলা-পোৰা অনুভৱ হব পাৰে।

  

Category
Profile picture for user UB Photos