বিবাহৰ তিনিবছৰৰ পিছত আকৌ এবাৰ ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী নতাছা ষ্টেনকভিক।
উল্লেখ্য যে ৩১ মে’ 2020 ত ক’ভিডৰ বাবে কেৱল কৰ্ট মেৰিজ কৰিয়ে সম্পন্ন কৰিছিল যুঁটিটোৰ বিবাহ।
শেহতীয়াকৈ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে খ্ৰীষ্টান ধৰ্মৰ ৰীতি-নীতি অনুসৰি বিবাহ সম্পন্ন কৰে হাৰ্দিক-নতাছাই।
কিয়নো জন্মসূত্ৰে নতাছা ষ্টেনকভিক হৈছে খ্ৰীষ্টিয়ান।আৰু ১৬ ফ্ৰেব্ৰুৱাৰীত হিন্দু ৰীতি-নীতিৰে উদয়পুৰত অনুষ্ঠিত কৰিলে দম্পতিটোৰ বিবাহ।
বিবাহৰ ফটো প্ৰচাৰ হোৱাৰ পিছতে আনন্দিত হৈ পৰিছিল অনুৰাগী সকল।
আৰু এতিয়া হালদিৰ ফটো প্ৰকাশৰ পিছত অধিক উৎফুল্লিত হৈ পৰিছে অনুৰাগী সকল।
- Log in to post comments