অক্ষয়-টাইগাৰৰ ছবিৰ চেটত নাহৰফুটুকীৰ আক্ৰমণ! গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মেকআপ আৰ্টিষ্ট

Bade mia

অভিনেতা অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ বড়ে মিয়া, ছটে মিয়াৰ শ্বুটিং ফ্লৰত নাহৰফুটুকীৰ আক্ৰমণ। জানিব পৰা অনুসৰি বন্ধুক হোটেললৈ লৈ যোৱাৰ সময়তে ছবিখনৰ মেক-আপ আৰ্টিষ্ট শ্ৰৱণ বিশ্বকৰ্মাক নাহৰফুটুকীয়ে আক্ৰমণ কৰে। চিকিৎসালয়লত ভৰ্তি কৰা হয় আঘাতপ্ৰাপ্ত মেকআপ আৰ্টিষ্ট জনক।

শ্ৰৱণ বিশ্বকৰ্মাই জনোৱা অনুসৰি তেখেতৰ বন্ধুজনক হোটেলত বাইকেৰে থৈ আহিছিল। আৰু হঠাতে এটা নাহৰফুটুকীয়ে তেওঁৰ ওপৰত আক্ৰমণ কৰে। বাইকৰ পৰা পৰি তেখেত অজ্ঞান হৈ পৰিল। আৰু পিছত হস্পিতালৰ বিচনাত উদ্ধাৰ কৰে নিজকে।

উল্লেখ্য যে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফ অভিনীত বড়ে মিয়া ছটে মিয়া অহা বছৰত মুক্তি পাব।

 

Category
Profile picture for user UB Photos