পাইলছ হৈছে নেকি আপোনাৰ? কৰক এইকেইটা ঘৰুৱা সমিধান

Pailes

পাইলছ হৈছে এক জটিল শাৰীৰিক সমস্যা। এই ৰোগ যিকোনো বয়সতে হব পাৰে। পাইলছৰ সাধাৰণ লক্ষণ সমূহ হল মলদ্বাৰৰ বিষ, তেজ ওলোৱা, মলদ্বাৰৰ বিষ, তেজ ওলোৱা, মলদ্বাৰ ফুলা, জ্বলা-পোৰা আদি। কিছুমান ঘৰুৱা উপায়েৰে এই ৰোগৰ পৰা উপশম পাব পাৰি।

ক) বৰফ- ঘৰতে পাইলছ ৰোগ নিৰাময়ৰ বাবে বৰফক উত্তম উপায় বুলি ধৰা হয়। আচলতে বৰফে তেজ চলাচল সুচল কৰি ৰাখে আৰু বিষ উপশম কৰাত সহায় কৰে। বৰফৰ টুকুৰা কাপোৰ এখনত মেৰিয়াই ঘা হোৱা ঠাইত ১০ মিনিট ৰাখিব লাগে। দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰিলে ভাল ফলাফল পাব।

খ) আপেল চাইডাৰ ভিনেগাৰ- বিশেষজ্ঞসকলৰ মতে ঘাঁ হোৱা ঠাইত আপেল চাইডাৰ ভিনেগাৰৰ এটা কপাহী বল প্ৰয়োগ কৰিব লাগে। আৰম্ভণিতে কিছু জ্বলা-পোৰা হ, কিন্তু অলপ পিছত কমি যাব। এই পদ্ধতিটোও দিনটোত কেইবাবাৰো কৰিব পাৰি। লগতে আভ্যন্তৰীণ অৰ্শৰ বাবে এচামুচ আপেল চাইডাৰ ভিনেগাৰ এগিলাচ পানীত মিহলাই দিনে দুবাৰকৈ খাব লাগে। ইয়াৰ লগত এক চামুচ মৌ মিহলাই দিব পাৰে। বহুত আৰাম পাব।

গ) আদা আৰু নেমুৰ ৰস- শৰীৰত পানীৰ অভাৱ পাইলছৰ আন এটা কাৰণ। ইয়াৰ বাবে দিনটোত কমেও দুবাৰকৈ আদা, নেমু আৰু মৌৰ মিশ্ৰণ খাব লাগে। এই মিশ্ৰণটো নিয়মিতভাৱে খালে পাইলছ ক্ষিপ্ৰতাৰে নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি দিনটোত কমেও ২-৩ লিটাৰ পানী খোৱাটো অতি উপকাৰী।

ঘ) প্ৰতিদিনে এচামুচ অলিভ অইল দৈনিক খাদ্যত গ্ৰহণ কৰিব পাৰে। বিশেষজ্ঞ সকলৰ ই আমাৰ শৰীৰত প্ৰদাহ ক্ষিপ্ৰতাৰে হ্ৰাস কৰাত সহায় কৰে। পাইলছৰ নিৰাময়ৰ ক্ষেত্ৰত ই অতি ফলপ্ৰসূ।

 

 

Category
Profile picture for user UB Photos