২০০০ ৰো অধিক লোকক গ্ৰেপ্তাৰঃ বাল্যবিবাহক লৈ নৱ নিযুক্ত ডিজিপি জি পি সিঙৰ সংবাদমেল

GP Singh

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান । ইতিমধ্যে জিলাই জিলাই শ শ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নৱ নিযুক্ত ডিজিপি জি পি সিঙে এই সন্দৰ্ভত সংবাদমেল পাতে। ডি জি পি গৰাকীয়ে কয়,- ‘যোৱা ৩ বছৰত বাল্য বিবাহ কৰোৱা বিষয় বোৰ চোৱা হৈছে, যোৱা ২ মাহৰ পৰা বিষয়টোত অনুসন্ধান চলোৱা হৈছিলপ্ৰতিজন জিলাৰ আৰক্ষী অধীক্ষক সকলে জিলাৰ তথ্য সমূহ সংগ্ৰহ কৰিছিলযোৱা দুই দিনৰ ভিতৰত ৪০৭০ টা গোচৰ ৰুজু কৰা হৈছিল২০৪৪ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ হৈছে এতিয়ালৈ।আদালতত তেঁওলোকক হাজিৰ কৰোৱা হ'ব আৰু তাৰ পাছত আইনমতে সকলো ব্যৱস্থা লোৱা হ'ব। সৰ্বাধিক গ্ৰেপ্তাৰ হোৱা জিলা বিশ্বনাথ,বাক্সা,বৰপেটা,ধুবুৰী,হোজাই,কোকৰাঝাৰ।বহুলোকক পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। বহু বাল্য বিবাহ কৰা লোকে ঘৰৰ পৰা পলাইছে। কিন্তু পলালে ও তেওঁলোকক গ্ৰেপ্তাৰ কৰা হব৫২ জন কাজি, মৌলানা গ্ৰেপ্তাৰ কৰা হৈছে এই পৰ্যন্ত৮ হাজাৰ মানুহ জড়িত হৈ আছে এই ৪০৭০টা গোচৰত

Category
Profile picture for user UB Photos