বহু বিতৰ্কিত শ্বাহৰুখৰ 'পাঠান'ত অসমৰ সন্তান দিগন্ত হাজৰিকা।

Shahrukh Khan

আজি মুক্তিলাভ কৰিছে শ্বাহৰুখ খানৰ বহু বিতৰ্কিত ছবি পাঠান তীব্ৰ বিৰোধবিতৰ্কবয়কট ট্ৰেণ্ডৰ মাজতে ছবিগৃহলৈ আহিল বলীউদৰ বাদশ্বাহ শ্বাহৰুখৰ পাঠান বিতৰ্কই একপ্ৰকাৰ মুক্তিৰ পূৰ্বে ছুপাৰহিট কৰি পেলোৱা শ্বাহৰুখৰ পাঠানচাবলৈ ছবিগৃহত দেখা গৈছে দৰ্শকৰ ভিৰ। আজি পুৱাৰে পৰা ছবিগৃহসমূহত দেখা গৈছে দৰ্শকৰ লানি।

মুক্তিৰ পূৰ্বেই পাঠানছবিখনে সৃষ্টি কৰিছে অভিলেখ। পাঠানৰ কোটি কোটি টকাৰ টিকট মুক্তিৰ পূৰ্বে অনলাইনত বুকিং হৈছে। জানিব পৰা মতে, একাংশ ছবিগৃহত মুক্তিৰ দিনাই অৰ্থাৎ আজি পুৱা ৬ বজাৰ পৰা পাঠানৰ দৰ্শনী ৰখা হৈছে। পাঠানৰ প্ৰতিটো দৰ্শনীয়ে হাউছফুল।

শ্বাহৰুখ খানৰ পাঠানছবিখনত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকায়োছবিখনত শ্বাহৰুখ খানৰ সহযোগী হিচাপে অভিনয় কৰিছে দিগন্তই। উল্লেখ্য যে ২০১৬ চনত মুক্তিলাভ কৰা আশুতোষ গোৱাৰিকাৰৰ মহেঞ্জোদাৰোছবিখনৰ জৰিয়তে বলীউত খোজ পেলাইছিল দিগন্তই। ঋত্বিক ৰোশনৰ লগত অভিনয় কৰাৰ পিছত এইবাৰ বলীউদৰ কিং খানৰ সৈতে দেখা যাব দিগন্তক। বলীউৰ ছবিত অসমৰ দিগন্তৰ অভিনয় চাবলৈ উৎসুক অসমৰ ছবিপ্ৰেমীসকল।

Category
Profile picture for user UB Photos