‘মোক শ্বাহৰুখ খানে ক’লে- মোৰ চিনেমাখন গণ্ডগোল হ’ব নালাগে। মই বোলো নাম কি চিনেমাখনৰ? তেতিয়া তেওঁ মোক নাম কৈছে, মই কৈছো ঠিক আছে।’

Shahrukh Khan And HBS

বলিউডৰ কিং শ্বাহৰুখ খান আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথোপকথনৰ বিষয়টোয়ে বৰ্তমান সামাজিক মাধ্যমত খলকনি তুলিছে। শ্বাহৰুখ খান কোন বুলি কোৱাৰ পৰা ৰাতি ২ বজাত মুখ্যমন্ত্ৰীলৈ অভিনেতাজনে ফোন কৰাৰ বিষয়টো ষেন অন্তই নপৰা হল।  শ্বাহৰুখ খানে ফোন কৰা সন্দৰ্ভত আজি পুনৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মোক ফোন কৰিছে, কৈছে মই শ্বাহৰুখ খান, কথা পাতিছো। মোক কৈছে মোৰ চিনেমাখন গণ্ডগোল হব নালাগে। মই বোলো নাম কি চিনেমাৰ? তেতিয়া তেওঁ মোক নাম কৈছে, মই কৈছো ঠিক আছে।’’

শ্বাহৰুখ খানে ফোন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মোক তেওঁ ৭.৩০ বজাত টেক্সট মেছেজ কৰিছে যে মই আপোনাৰ লগত কথা পাতিব বিচাৰো। মই সময় পোৱা নাই, সেয়ে দুই বজাত কথা পাতিছো।মইতো ৭.৪০ বজাতে তেওঁক ফোন কৰিব নোৱাৰো। এটা এটা কৈ লাইন ক্লিয়েৰ কৰ কৰ লাষ্ট তেওঁ আহিছে মই ফোন কৰিছো। শ্বাহৰুখ খান ইমান important  মানুহ বুলি মই ভৱাও নাছিলো'

Category
Profile picture for user UB Photos