
আৰু মাত্ৰ কিছুক্ষণৰ পাছতেই অসমবাসীয়ে পালন কৰিব হেঁপাহৰ ভোগালী বিহু। ব্যস্ততাৰ অন্ত নাই অসমীয়াৰ। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে প্ৰস্তুতি চলাইছে অসমবাসীয়ে। ডেকাসকলে পথাৰত ভেলাঘৰ বনোৱা কাম প্ৰায় সম্পূৰ্ণ কৰিছে। ইফালে, আখলত ব্যস্ত জীয়ৰী–বোৱাৰীসকল। বিধে বিধে লাড়ু–পিঠা বনোৱাত ব্যস্ত সকলো।

ভোগালীৰ বতৰত পিছ পৰি লোৱা নাই কংক্ৰীটৰ মহানগৰীও। ভোগৰ উৎসৱ ভোগালীৰ বাবে সাজু সকলো। হেঁপাহৰ ভোগালীত বিজেপি নেত্ৰী আঙুৰলতা ডেকাকো দেখা গ’ল আখলত। পিঠা বনোৱাত ব্যস্ত আঙুৰলতা। নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত আঙুৰলতাই শ্বেয়াৰ কৰিছে ভোগালীৰ প্ৰস্তুতিৰ ফটো।

দীঘলীপুখুৰী পাৰত হৈ থকা বৰ অসম ভোগালী মেলাৰ আখলত ব্যস্ত দেখা গ’ল অভিনেত্ৰী গৰাকীক।
- Log in to post comments