আচৰিত কাণ্ড!  বিমানত মহিলা যাত্ৰীৰ গাতে প্ৰস্ৰাৱ কৰি দিলে সুৰামত্ত পুৰুষে!

AIR

এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ  ব্যৱসায়িক শ্ৰেণীত সংঘটিত হৈছে এক আচৰিত ঘটনা। মাতাল পুৰুষ যাত্ৰী এজনে এগৰাকী  মহিলা যাত্ৰীৰ মূৰৰ ওপৰতে  প্ৰস্ৰাৱ কৰি দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২০২২ চনৰ ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা নতুন দিল্লীলৈ উৰা মৰা  এয়াৰ ইণ্ডিয়াৰ এখন বিমানত সংঘটিত হৈছিল এই ঘটনা। এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা মতে  অপৰাধ সংঘটিত কৰা মাতাল লোক জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  অভিযুক্তজনক 'নো ফ্লাই' তালিকাত ৰাখিবলৈ পৰামৰ্শ দিছে এয়াৰ ইণ্ডিয়াই যাতে তেওঁ আৰু কোনো দিনেই বিমানত উঠিব নোৱাৰে। 

 

সুৰাসক্ত ব্যক্তি গৰাকীয়ে মহিলা গৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰি দিয়াৰ ফলত মহিলা যাত্ৰীগৰাকী তিতি একাকাৰ হৈছিল।  এয়াৰ ইণ্ডিয়াই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে আৰু পুৰুষ যাত্ৰীজনক 'নো ফ্লাই' তালিকাত ৰখাৰ পৰামৰ্শ দি এখন আভ্যন্তৰীণ সমিতি গঠন কৰিছে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিমানখন আমেৰিকাৰ পৰা  নতুন দিল্লীলৈ গৈ আছিল। 

 

এয়াৰ ইণ্ডিয়াৰ এজন বিষয়াই কয়  যে পুৰুষ যাত্ৰীজনক নো-ফ্লাই তালিকাত ৰখাৰ বিষয়টো চৰকাৰী সমিতিয়ে বিবেচনা কৰি আছে আৰু এটা কঠোৰ  সিদ্ধান্তৰ বাবে অপেক্ষা কৰি থকা হৈছে। মহিলা যাত্ৰীগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণলৈ  পত্ৰ লিখি ঘটনাটো অবগত কৰিছে। প্ৰতিবেদন দিয়াৰ পিছত ঘটনাটো পোহৰলৈ আহিছিল আৰু বিমানখনত তেওঁৰ দুখজনক অভিজ্ঞতাৰ কথা মনত পেলাইছিল। পত্ৰ খনত তেওঁ অভিযোগ কৰিছে যে তেওঁ  কেবিন ক্ৰুসকলক এই বিষয়ে  অবগত কৰিছিলকিন্তু বিমানখন দিল্লীত অৱতৰণ কৰাৰ পিছত যাত্ৰীজনে মুক্ত ভাৱে খোজকাঢ়ি ওলাই যাব পাৰিছিল ।

 

 

 

Category
Profile picture for user UB Photos