ৰীলছ বনাই বিপদত পৰিল শিক্ষাৰ্থী! 'পাটলী কমৰিয়া' নাচি বিদ্যালয়ৰ পৰা বহিস্কৃত হ'ল ৮ গৰাকীকৈ শিক্ষাৰ্থী

Reels

ৰীলছ বনাই বিপদত পৰিল শিক্ষাৰ্থী! ট্ৰেণ্ডিঙত থকা বিষয় এটা কৰিবলৈ সকলোৰে মন যায়।আৰু এই ট্ৰেণ্ড ফ'ল' কৰিব গৈয়ে বিদ্যালয়ৰ পৰা বহিস্কাৰ হ'ব লগীয়া হ'ল ৮ গৰাকীকে শিক্ষাৰ্থী । বৰ্তমান ট্ৰেণ্ডিঙত থকা 'পাতলী কমৰিয়া' গানত ৰীলছ বনোৱাই অপৰাধ হ'ল আঠ গৰাকী ছাত্ৰ ছাত্ৰীৰ। কৰিমগঞ্জৰ জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । পাঁচ গৰাকী ছাত্ৰী আৰু তিনি গৰাকী ছাত্ৰক স্কুলৰ পৰা বহিষ্কাৰ কৰা হৈছে । এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আৰু সাত গৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মিলাই মুঠ ৮ গৰাকী ছাত্ৰ ছাত্ৰীক স্কুল কতৃপক্ষই বহিষ্কাৰ কৰিছে । শাস্তি মূলক ভাবে কোনো এগৰাকী ছাত্ৰ ছাত্ৰীয়ে কেৱল পৰীক্ষাত অংশ গ্ৰহণ কৰিব পাৰিব ।

Category
Profile picture for user UB Photos