ভাগ্য ফুলিল এজন মাছ বেপাৰীৰ! লটাৰীত লাভ কৰিলে ২৪ লাখটকীয়া ট'য়'টা‌ ইন'ভা বাহন

Lottery

বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে এগৰাকী মাছ বেপাৰীয়ে। বাক্সা জিলাৰ কালপানীৰ এইগৰাকী সৌভাগ্যৱান মাছ বেপাৰীৰ নাম ৰবিৰাম বসুমতাৰী ওৰফে লাইথা ৷

৫০ টকীয়া মূল্যৰ ১০০ টকাৰে মাত্ৰ দুটা টিকট ক্ৰয় কৰিছিল কালপানীৰ এইগৰাকী মাছবেপাৰী ৰবিৰাম বসুমতাৰী ওৰফে লাইথাই ৷ কালি বৰপেটাৰোডৰ ৰাসৰ অন্তিম দিনা নিশা অনুষ্ঠিত হোৱা লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰে লোকজনে ৷ 

মাছ বেপাৰী ৰবিৰাম বসুমতাৰীৰ দুই পুত্ৰই দিন হাজিৰা কৰি উপাৰ্জন কৰা টকাৰে পৰিয়াল পোহপাল দি আহিছে বুলি জানিবলৈ দিয়ে ৷ বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰীৰ প্ৰথম পুৰস্কাৰ টয়টা কোম্পানীৰ প্ৰায় ২৪ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ীখন লাভ কৰি ৰবিৰাম বসুমতাৰীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকল উৎফুল্লিত হৈ পৰিছে ৷

তেওঁ গাড়ীখন বিক্ৰী কৰি দিনমজদুৰ কৰা দুই পুত্ৰক ব্যৱসায় কৰিবলৈ দোকানৰ ব্যৱস্থা কৰি দিব বুলি জানিবলৈ দিয়ে ৷

Category
Profile picture for user UB Photos