ইছৰোৱে গঢ়িলে অভিলেখ, আটাইতকৈ গধুৰ ৰকেটেৰে মহাকাশলৈ একেলগে উৎক্ষেপণ কৰিলে ৩৬ টা কৃত্ৰিম উপগ্ৰহ

ISRO Launches 36 Satellites in to Orbit

দেৱালীৰ শুভক্ষণত ভাৰতৰ মহাকাশ অন্বেষণত নজিৰ সৃষ্টি কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই। ইছৰোৰ আটাইতকৈ গধুৰ ৰকেটটোৰে একে সময়তে ৩৬ টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰি গঢ়িলে অভিলেখ। উল্লেখ্য যে এই উপগ্ৰহৰ মুঠ ওজন প্ৰায় ৬,০০০ টন। 

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ইছৰোৰ ৰকেটেৰে উপগ্ৰহ কেইটা মহাকাশলৈ প্ৰেৰণ কৰা হয়।ইছৰোৰ সহযোগী ৱানৱে বৰ অধ্যক্ষ সুনীল ভাৰতী মিট্টালে কয়, "ৱানৱেবেই ছয়টা ৰকেট উৎক্ষেপণ কৰিব বিচাৰিছিল। কিন্তু ৰাছিয়া - ইউক্ৰেইনৰ যুদ্ধৰ  বাবে অভিযানটো  পিছুৱাই দিয়া হৈছিল। 

এই  অভিযান  নিউস্পেচ ইণ্ডিয়া লিমিটেড (এনএছআইএল)ৰ অধীনত কৰা হৈছে। ই হৈছে প্ৰথম মাল্টি-চেটেলাইট মিছন, যি এলভিএম৩ (৫,৭৯৬ কিগ্ৰা)ৰ জৰিয়তে  ৩৬ টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। এই উপগ্ৰহ কেইটাই যোগাযোগ নেটৱৰ্ক তথা ইণ্টাৰনেট সেৱা শক্তিশালী কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে।  

ব্ৰিটেইনৰ নেটৱৰ্ক এক্সেছ এছ'চিয়েটছ লিমিটেড আৰু নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ মাজত হোৱা ব্যৱসায়িক চুক্তিৰ ফলতে এই অভিযান সফল হৈ উঠিছে।  ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা মতে উপগ্ৰহ কেইটাই  পৃথিৱীৰ পৰা ১,২০০ কিমি ওপৰত অৱস্থান কৰিব।

Category