আজি কাতি বিহু, কঙালৰ মাজতো সৰ্বত্ৰে ন লখিমীক আদৰাৰ প্ৰস্তুতি চলিছে ৰাজ্যত

Kati Bihu

‘তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰাম চন্দ্ৰই হৰ ধনু ধৰে।’

কাতি মাহ হিন্দু দৰ্শন মতে পবিত্ৰ মাহ। আহিনৰ শেষৰ দিনটোত লোক সমাজে পালন কৰি আহিছে কাতি বিহু।
অসমীয়া সমাজ জীৱনত কাতি বিহুৰ ঐতিহ্য আৰু মাদকতাই বহন কৰি আহিছে এক সুকীয়া মাত্ৰা। অসমীয়াৰ বাপতিসাহোন তিনিটি বিহুৰ মাজৰে এটা হৈছে কাতি বিহু। এই বিহুৰ সৈতে সাম খাই আছে অসমীয়াৰ জাতীয় কৃষ্টি। অভাৱ অনাটনৰ মাজত জুৰুলাহৈ পৰা কৃষি জীৱি অসমীয়া সমাজৰ বাবে কাতি বিহু মানেই আনন্দৰ দিন। কঙালৰ মাজতো সৰ্বত্ৰে ন লখিমীক আদৰাৰ প্ৰস্তুতি। ন লখিমিক সন্মুখত ৰাখি তুলসীৰ তলত বন্তি জ্বলাই ৰাজ্যবাসীয়ে পালন কৰে কাতি বিহু।

শৰতত শইচৰ ফুল ফুলে, সোণগুটি লাগিবৰ হয়। এই সময়তে সৰহভাগ কৃষকৰ ভঁৰাল উদং হয়। এই সময়তে শস্যৰ নষ্টকাৰী কীট পতংগৰো উতপাত হয়। সেয়েহে কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে কাতি বিহু। চহা জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত কাতি বিহুত সেউজ ধাননি পথাৰত আকাশ বন্তি জ্বলাই কৃষকৰ সপোনৰ ধাননি ডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে তুলসী তলত বন্তি জ্বলাই সকলোৱে মংগল কামনা কৰে।

কাতি বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য অনুষ্ঠানটো হ’ল তুলসী তলৰ গধূলি। অভাৱ অনাটনৰ দিনত এই বিহু উদযাপিত হ’লেও ইয়াৰ প্ৰাসংগিকতা এৰাই চলিব নোৱাৰি। অসমীয়া জাতীয় জীৱনত কাতি বিহুৰ তাৎপৰ্য আন বিহু কাইটাতকৈ কোনোগুণে কম নহয়।

Category
Profile picture for user UB Photos