পুনৰ মহানগৰীত বৃদ্ধি চিটি বাছৰ ভাড়া। প্ৰকাশ পালে নতুন ভাড়াৰ নিৰিখ!

City Bus Vara

পুনৰ মহানগৰবাসীক মাধমাৰ দিলে অসম পৰিবহন বিভাগৰ। চিটি বাছৰ ভাড়া বৃদ্ধি কৰি আকৌ এবাৰ মহানগৰীৰ চিটিবাছ যাত্ৰীৰ মুৰত মাধমাৰ শোধাই অসম পৰিবহন বিভাগে। এতিয়াৰ পৰা মহানগৰীৰ চিটি বাছত উঠিলেই যাত্ৰীয়ে দিব লাগিব নূন্যতম ১০ টকা। চিটিবাছৰ মালিক-চালক সন্থাৰে সৈতে পৰিবহন বিভাগৰে হোৱা বৈঠকৰ অন্তত ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম পৰিবহন বিভাগে। ইতিমধ্যে যোৱা ১৪ ছেপ্টেম্বৰতে প্ৰকাশ পাইছিল এই অধিসূচনা।

চিটিবাছ ভাড়াৰ নতুন নিৰিখসমূহ হৈছে
৫-৯ কিঃমিঃ পৰ্যন্ত ১৫ টকা
৯-১৩ কিঃমিঃ পৰ্যন্ত ১৮ টকা
১৩-১৭ কিঃমিঃ পৰ্যন্ত ২২ টকা
১৭-২১ কিঃমিঃ পৰ্যন্ত ২৮ টকা
২১-২৫ কিঃমিঃ পৰ্যন্ত ৩০ টকা
২৫ কিঃমিঃৰ পৰা অধিক দূৰত্বত প্ৰতি কিঃমিঃত ১ টকাকৈ বৃদ্ধি।

Category