চাৰিদিনীয়া ভ্ৰমণ সূচী লৈ অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জে পি নাড্ডা

AMIT SHAH

চাৰিদিনীয়া ভ্ৰমণ সূচী লৈ অসমত উপস্থিত হ'ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু গৃহমন্ত্ৰী অমিত শ্বাহ।

বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে বিমানবন্দৰত আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয় দুয়োগৰাকী নেতাক। বিমানবন্দৰত দুয়োগৰাকীক আদৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰীৰ লগতে  আৰক্ষীৰ উচ্চ পদস্থ বিষয়া তথা বিজেপিৰ নেতৃবৰ্গ।

বিমানবন্দৰৰ পৰা গৃহমন্ত্ৰী আৰু বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা ৰাওনা হয় অসম প্ৰশাসনিয় পদাধিকাৰী মহাবিদ্যালয়লৈ।

উল্লেখ্য় যে, তাত বহুকেইখন দলীয় সভা আৰু মুখ্যমন্ত্ৰীৰ লগত বৈঠকত মিলিত হোৱাৰ পিছত বিজেপিৰ কেন্দ্ৰীয় সভাপতি গৰাকী কইনাধৰালৈ ৰাওনা হয়।

Category
Profile picture for user UB Photos