ধুবুৰীত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। ভাষানীৰ চৰ প্ৰথমখণ্ড গাঁৱত এই দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰত ডুবিল যন্ত্ৰচালিত নাও৷ ৮০জনৰো অধিক যাত্ৰী আছিল নাওখনত, ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে আন কেইবাগৰাকীও ব্যক্তি ডুব যায় ব্ৰহ্মপুত্ৰ নৈত।
বৰ্তমান দুজন ব্যক্তি উদ্ধাৰ হৈছে যদিও বহুকেইজন যাত্ৰী সন্ধানহীন৷ আনুমানিক প্ৰায় ১৫/২০জন যাত্ৰী সন্ধানহীন হৈ আছে৷ ঘটনাস্থলীত উপস্থিত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু SDRF বাহিনীৰ দল ৷
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। নিখোজ লোকসকলক উদ্ধাৰ কৰাৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীৰ দলে৷
- Log in to post comments