এইবাৰ AC বাছত গৰু! AC বাছৰ পৰা জাকে জাকে নামিছে গৰু…

AC Bus Cow Seized

বৰ্তমান সময়ত গো সৰবৰাহৰ দৰে ঘটনা খুউব সঘনাই সংঘটিত হয় ৷ ন ন কৌশলৰে গো সৰবৰাহ কৰিবলৈ লৈছে সৰবৰাহকাৰীয়ে ৷ এইবাৰ নৈশ বাছৰে গো-ধন সৰবৰাহৰ চেষ্টা সৰবৰাহকাৰীৰ। নৈশ বাছত এইবাৰ যাত্ৰী নহয় আহিল গৰু। গো-ধন সৰবৰাহৰ নতুন কৌশল, নৈশ বাছৰ ভিতৰত গৰু সৰবৰাহ।

নিশা জখলাবন্ধা আৰক্ষীৰ জালত এখন নৈশ বাছ ৷ বাছখনত উদ্ধাৰ ২৫টাকৈ গৰু।নিশা জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নৈশ বাছখন৷ লগতে নৈশ বাছখনৰ পৰা উদ্ধাৰ কৰে গৰু।
অৰুণাচলৰ পৰা অসম-নগাঁৱৰ ৰূপহী অভিমুখে গৰু লৈ আহিছিল AS 01 EC 3337 নম্বৰৰ এখন নৈশ বাছখনে ৷

আৰক্ষীয়ে আটক কৰিছে ২ গো-ধন সৰবৰাহকাৰী ক্ৰমে- ছামগুৰিৰ হাবিবুৰ ৰহমান আৰু কামপুৰৰ ৰিবুল হুছেইন।

Category
Profile picture for user UB Photos