পূজালৈ মাত্ৰ কেইদিনমান থকাৰ সময়তে চৰকাৰী কৰ্মচাৰীলৈ সু-খবৰ ৷
পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলে বদ্ধিত হাৰত লাভ কৰিব পাৰে ডি এ। অহা ২৮ছেপ্তেম্বৰত কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ লাখ লাখ কৰ্মচাৰীৰ ডি এ ৩৪শতাংশৰ পৰা ৩৮শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কৰ্মচাৰীসকলৰ এই ডি এ বৃদ্ধিৰ লগে লগে দৰমহাৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। সকলো ঠিকে ঠাকে থাকিলে অহা অক্টোবৰ মাহৰ পৰা বৰ্দ্ধিত হাৰত দৰমহা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলে। কেন্দ্ৰীয় চৰকাৰৰ ৪৭লাখ কৰ্মচাৰী আৰু ৬৮লাখ পেন্সনাৰে বৰ্ধিত ডি এ লাভ কৰিব।
- Log in to post comments