নাৰকীয়! গৰ্ভৱতী পত্নীক হত্যা নিচাসক্ত স্বামীৰ..

Murder

চাপৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা৷ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ ৷ দীৰ্ঘদিনৰ পৰা পত্নীক অত্যাচাৰ চলাই আহিছিল স্বামী ৰবিউলে ৷

নিশা নিচাসক্ত অৱস্থাত নিৰ্মমভাৱে প্ৰহাৰ কৰে গৰ্ভৱতী পত্নীক, তাৰ পিছতেই মৃত্যুক সাৱটি লৈ পত্নী ৰেহেনা খাতুনে ৷ দুটি সন্তানৰ মাতৃ ৰেহেনা খাতুন ৷ ঘটনা সন্দৰ্ভত স্থানীয়লোকৰ ভাষ্য অনুসৰি বুধবাৰৰ দিনা বোৱাৰীগৰাকীক হত্যা কৰি নাটকীয়ভাৱে পৰিয়ালৰলোকে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।

শালকোচাত নিশা ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ স্বামী ৰবিউলক আটক কৰাৰ উপৰিও মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য।

 

Category
Profile picture for user UB Photos