আজাদী কা অমৃত মহোৎসৱ উপলক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ ৰেলী

rally

ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে "আজাদী কা অমৃত মহোৎসৱ" কাৰ্যসূচীৰ অংশ হিচাপে ১৩ৰ পৰা ১৫ আগষ্টৰ ভিতৰত "হৰ ঘৰ তিৰঙ্গা" নামৰ এক বিশেষ অভিযানৰ আয়োজন কৰা হৈছে।

আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে পুৱাই কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কামৰূপ একাডেমী পৰা দিঘলীপুখুৰীৰ অভিমুখে উলিওৱা হয় ৰেলী। এই ৰেলিত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰনোজ পেগু।

students

ভাৰতৰ লগতে অসমটো প্ৰতি ঘৰতে যাতে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে জাতীয় পতাকা উত্তোলন কৰা হয়।ইয়াৰ সচেতনতাৰ উদ্দেশ্য উলিওৱা হয় এই বিশেষ ৰেলীটো।

ৰেলীত অংশগ্ৰহণ কৰে কামৰূপ একাডেমীৰ ছাত্ৰ ছাত্ৰী, সন্দিকৈ মহাবিদ্যালয়, চেনমেৰীছ উচ্চতৰ মাধ্যামিক বিদ্যালয় আৰু TC বিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে।

Category
Profile picture for user UB Photos