আজিৰ পৰা গুৱাহাটীত বৃদ্ধি পালে গাখীৰৰ মূল্য!

Milk Price

আজিৰে পৰা গুৱাহাটীত প্ৰতি লিটাৰত ৪ টকাকৈ বৃদ্ধি পাব গাখীৰৰ মূল্য।

বৃহত্তৰ গুৱাহাটী দুগ্ধ কৃষক সন্থাই ১আগষ্ট, ২০২২ৰ পৰা গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এই নিৰ্দেশনা আহিছিল।

বৃদ্ধিৰ পিছত, গাখীৰৰ পাইকাৰী হাৰ প্ৰতি লিটাৰত ৫৩.৪০টকাৰ পৰা প্ৰতি লিটাৰত ৫৭.৪০টকালৈ বৃদ্ধি হ'ব। একেসময়তে, গাখীৰৰ খুচুৰা মূল্য ৫৬টকাৰ পৰা ৬০টকালৈ বৃদ্ধি হ'ব, সেয়েহে, অহা মাহৰ পৰা এক লিটাৰ গাখীৰৰ বাবে গুৱাহাটীৰ গ্ৰাহকসকলে ৬০টকা পৰিশোধ কৰিব লাগিব।

গাখীৰৰ মূল্য বৃদ্ধিৰ ফলত মিঠাই আৰু অন্যান্য গাখীৰ-আধাৰিত সামগ্ৰীৰ মূল্যও একেধৰণে বৃদ্ধি হ'ব।

তদুপৰি, কেন্দ্ৰই গাখীৰৰ সামগ্ৰীৰ ওপৰত ৫% জিএছটি আৰোপ কৰিছিল। পূৰ্ব-পেক কৰা, পূৰ্ব-লেবেল যুক্ত দৈ, লাচী, পনীৰ আৰু গাখীৰে ৫শতাংশ হাৰত জিএছটি ল'ব।

উল্লেখ কৰিব পাৰি যে গ্ৰাহকসকল ইতিমধ্যেই পাচলিৰ আকাশচুম্বী মূল্যৰ সৈতে ভাৰাক্ৰান্ত হৈ পৰিছে। তেনে সময়তে আকৌ গাখীৰৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক বাৰুকৈয়ে জুৰুলা কৰিব।

Category