অপাৰেচন লটাছ! পতনৰ গৰাহত মহাৰাষ্ট্ৰ চৰকাৰ..

Shiv Sena Govt

মহাৰাষ্ট্ৰত বৰ্তমান ৰাজনৈতিক সংকটে দেখা দিছে।

মহাবিকাশ অঘাৰীৰ তিনি দল শিৱসেনা, কংগ্ৰেছ আৰু এনচিপিৰ মিত্ৰজোঁটৰ চৰকাৰত শিৱসেনাৰ ৪৬গৰাকী বিধায়কে বিসম্বাদ আৰম্ভ কৰিছে। বিসম্বাদী বিধায়কৰ নেতৃত্ব দিছে মন্ত্ৰী তথা শিৱসেনাৰ নেতা একনাথ শিন্দেই।

মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলৰ সৈতে গুজৰাটৰ চুৰাটত উপস্থিত হোৱা শিৱসেনাৰ নেতা একনাথ চিন্দে এতিয়া গুৱাহাটীত উপস্থিত হৈছে। মঙলবাৰে মাজনিশা চিন্দে চুৰাটৰ পৰা গুৱাহাটীলৈ এক বিশেষ বিমানেৰে উৰা মাৰিছিল আৰু পুৱতি নিশা গুৱাহাটী পাইছে।

গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিসম্বাদী বিধায়ক একনাথ সিন্দেয়ে তেওঁৰ সৈতে প্ৰায় ৪৬ জন বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰিছে। যদি সিন্দেৰ এই দাবী সঁচা হয়, তেতিয়াহ’লে সংকটৰ গৰাহত পৰিব উদ্ধৱ ঠাকৰেৰ মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ।

অৱশ্যে সিন্দেই লগতে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে বালাচাহেব ঠাকৰেৰ হিন্দুত্ব প্ৰতিনিয়ত কঢ়িয়াই নিব। “আমি বালাচাহেব ঠাকৰেৰ শিৱসেনা এৰি যোৱা নাই আৰু কেতিয়াও এৰি নাযাওঁ।”- সিন্দেই কয়।

উল্লেখ্য় যে, বিজেপিৰ সৈতে দীৰ্ঘদিনীয়া মিত্ৰতা ভংগ কৰি শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে নতুন মিত্ৰতাত বান্ধ খাই ২০১৯ চনত মহাৰাষ্ট্ৰৰ ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই কেন্দ্ৰত শাসকীয় বিজেপি চৰকাৰ তথা দলৰ ঘোৰ বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে সেনাই।

তদুপৰি মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছ এই সমগ্ৰ ঘটনাৰ আঁৰত আছে বুলিও সন্দেহ কৰা হৈছে। ফাড়নাভিছ বৰ্তমান দিল্লীত আছে আৰু কালি তেওঁ দিল্লীত বিজেপিৰ এই বিধায়ক কিনা-বেচা ৰাজনীতিৰ মূল কাণ্ডাৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে। ফাড়নাভিছে সেনাৰ বিসম্বাদী নেতা সিন্দেক চুৰাটলৈ স্থানান্তৰিত কৰাত সহায় কৰা বুলি অভিযোগ উঠিছে।

বৰ্তমান শাসনত থকা এই চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ আৰু আস্থাভোট জিকিবলৈ বিজেপিক মহাৰাষ্ট্ৰ বিধানসভাত থকা নিজা ১০৬ জনৰ ওপৰিও ৩৭ জন বিধায়কৰ প্ৰয়োজন।

মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক সকলে অসমত বাহৰ পতাৰ লগে লগে আন কিছু দিশো মূৰ দাঙি উঠিছে। সম্প্ৰতি দেশৰ ৰাজনীতিত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে। অবিজেপি শাসিত ৰাজ্যসমূহত বিধায়ক কিনা-বেচাৰ জৰিয়তে চৰকাৰ ভঙা-পতাৰ খেলত হিমন্ত বিশ্ব শৰ্মাৰ যি  কৌশল আৰু শক্তিশালী ভূমিকা সেয়া  সৰ্বজনবিদিত।

বিশেষকৈ উত্তৰ-পূবৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। গতিকে মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক নাটকৰ মধ্যস্থতাৰ দায়িত্ব কেন্দ্ৰই হিমন্ত বিশ্ব শৰ্মাৰ হাতত দিয়া বুলিও কব পাৰি।

 

Category
Profile picture for user UB Photos