
আজি ২১ জুন। আজি আন্তৰ্জাতিক যোগ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে। যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া।
সমগ্ৰ বিশ্বৰ লগতে কটন বিশ্ববিদ্যালয়ত অষ্টম সংখ্যক যোগ দিৱস পালন কৰা হয়। বিশ্ববিদ্যালয়ৰ ড° টি আও ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱস কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়াক অধ্যাপক মহাদেৱ পাটগীৰিয়ে।
তেখেতৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অধ্যাপক মনজিৎ কুমাৰ ভট্টাচাৰ্য, ডিন ছাত্ৰ কল্যাণ, অধ্যাপক প্ৰশান্ত শৰ্মা, সঞ্চালক, ছাত্ৰ কল্যাণ, কটন বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ উপ সভাপতি ড° ৰুমা তালুকদাৰ, সহযোগী অধ্যাপিকা ড° বন্দনা শৰ্মা, ড° পৰিস্মিতা বৰদলৈ, ড° দেৱজিৎ বৰুৱা, ইন্দোৰ ষ্টেডিয়ামৰ শাৰীৰিক নিৰ্দেশক ড° কুলেন দাস সহ প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই যোগ কাৰ্যসূচীত অংশগ্ৰহন কৰে।
উল্লেখ্য যে মাহজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ NSS গোটৰ দ্বাৰা ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দ্ধাৰণ কৰি দিয়া দুটা দিনত যোগৰ কৰ্মশালাৰ লগতে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
ইয়াৰোপৰি কামৰূপ মহানগৰ জিলা ক্রীড়া বিষয়াৰ সহযোগত কটন বিশ্ববিদ্যালয়ত ৬ জুনৰ পৰা ২০ জুনলৈ প্ৰতিদিনে আবেলি ৪ বজাত যোগাসন কাৰ্যসূচী ৰূপায়ণ কৰে। বিশ্ববিদ্যালয়ৰ এই যোগ কাৰ্যসূচীত প্ৰশিক্ষকৰূপে অংশগ্রহণ কৰে উদ্যোগী তথা পেছাদাৰী যোগ প্ৰশিক্ষক অংকিতা বৰঠাকুৰে। তেখেতৰ সৈতে সহযোগিতা আগবঢ়ায় ধ্ৰুৱজ্যোতি হালৈয়ে ।
আমি জানো যে স্বাস্থ্যই আটাইতকৈ ডাঙৰ সম্পদ। যদি শৰীৰ আৰু মন সুস্থ হয় তেন্তে যিকোনো কাম সহজে সফলতাৰে কৰিব পাৰি। যদি স্বাস্থ্য আৰু মন ভাল হয় তেন্তে জীৱনটো সহজ হৈ পৰে। উন্নত জীৱন যাপন কৰিবলৈ হ’লে আমি মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে সম্পূৰ্ণ সুস্থ হোৱাটো প্ৰয়োজনীয়। সেইহেতুকে ২০১৫ চনৰ পৰা আৰম্ভ হোৱা আন্ত ৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী কটন বিশ্ববিদ্যালয়ে প্ৰতিবছৰে পালন কৰি আহিছে ৷
- Log in to post comments