বিশ্ব পৰিবেশ দিৱসত HDFC বেংকৰ সেউজীয়াৰ দিশে এখোজ.. #EnginesOffৰে পদপথত সজাগতা সৃষ্টি

hdfc bank initiative

প্ৰকৃতিয়েই হৈছে আমাৰ ঘৰ। প্ৰকৃতিৰ পৰশত জীপাল আমি সকলো। আমাৰ চৌপাশৰ পৰিৱেশেই আমাৰ সাহস। মানুহৰ জীৱনত সেউজীয়াৰ গুৰুত্ব অধিক। য'ত সেউজীয়া নাই, তাতেই খৰাং।

পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এইচ.ডি.এফ.চি. বেঙ্কে কৰিছে এক বিশেষ প্ৰচেষ্টা।

আপোনাৰ আমাৰ সকলোৰে আপোন এইচ.ডি.এফ.চি. বেঙ্কে পৰিৱৰ্তন লক্ষ্য় প্ৰাপ্তিৰ উদ্দেশ্য় আগত ৰাখি শুভাৰম্ভ কৰিছে বিশ্ব পৰিৱেশ দিৱসত গুৱাহাটীৰ এবিচি পইণ্টৰ পৰা।

উল্লেখ্য় যে, #EnginesOffৰ মূল বিষয়বস্তু হৈছে যানবাহন আৰোহী আৰু যাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা। "Saving the Fuel for a better tomorrow" নামেৰে পৰিৱেশৰ ওপৰত গুৰুত্ব দি এখন পথনাটকো আয়োজন কৰি সজাগতা সৃষ্টি কৰাৰ চেষ্টা কৰিছে এইচ.ডি.এফ.চি. বেঙ্কে।

গুৰুত্বপূৰ্ণ কথাটো হ'ল ট্ৰেফিক চিগনেলত অপেক্ষা কৰি থকা সময়ত গাড়ীৰ ইঞ্জিন বন্ধ কৰি কিদৰে ইন্ধন ৰাহি কৰিব পাৰে আৰু কাৰ্বন ফুটপ্ৰিন্টো হ্ৰাস পাব পাৰে এইবিষয়ে বাহনৰ মালিক আৰু আৰোহীসকলৰ আগত সজাগতাৰ সৃষ্টি কৰে।

আনহাতে অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি পতাকা উত্তোলন কৰে উত্তৰ -পূৰ্বাঞ্চলৰ চাৰ্কল হেড, এইচডিএফচি বেংক লিমিটেডৰ চাৰ্কল হেড শ্ৰীযুত প্ৰেমজিৎ কোঁৱৰ আৰু শ্ৰীযুত হৰজিৎ দাস, ভাৰপ্ৰাপ্ত বিষয়া ট্ৰেফিক আৰু ড. সুদীপ ৰঞ্জন মেধিয়ে।

লগতে এই বিশেষ অনুষ্ঠানটোত উপস্থিত থাকি সোণত সুৱগা চৰায় গুৱাহাটী ট্ৰেফিক আৰু অসম পুলিচে।

গতিকে, আমাৰ চৌপাশ আৱৰি থকা সুন্দৰ প্ৰকৃতিৰ চোৱা-চিতা কৰাটো আমাৰ সকলোৰে দায়িত্ব। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে আহক আমি পলম নকৰি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ।

Category
Profile picture for user UB Photos