Guwahati Municipal election: জিএমচিৰ অধীনত ৬০তা ৱাৰ্ডৰ ভিতৰত ৫৭তা ৱাৰ্ডৰ আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া

gmc

পুৱা ৭.৩০ বজাৰ পৰা গুৱাহাটী চহৰৰ বিভিন্ন ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ। ভোটদান প্ৰক্ৰিয়া আবেলি ৪.৩০ বজাত সমাপ্ত হ'ব।

শুকুৰবাৰে চহৰখনত গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ হয়। ভোটগ্ৰহণ পুৱা ৭.৩০ বজাত আৰম্ভ হ'ব আৰু আবেলি ৪.৩০ বজালৈকে চলিব।

৯ বছৰৰ বিৰতিৰ পিছত গুৱাহাটী পৌৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, জিএমচিৰ অধীনৰ ৬০টা ৱাৰ্ডত প্ৰথমবাৰৰ বাবে ই ভি এম ব্যৱহাৰ কৰা হৈছে।

মুঠতে, ৫৭টা ৱাৰ্ডত ১৯৭জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আনহাতে তিনিটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাত নিৰ্বাচিত হৈছে।

এই নিৰ্বাচনৰ বাবে মুঠ ৭৫৭ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে, ৮০ টা ভোটকেন্দ্ৰ কেৱল মহিলা ভোটগ্ৰহণ বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হৈছে।

ইফালে, এই নিৰ্বাচনত মুঠ ৭,৯৭,৮০৭ জন ভোটাৰে ভোটদান কৰিব, ৩,৯৭,১২৮ জন পুৰুষ ভোটাৰ, ৪,০০,৬৫৮ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ২৬ জন ভোটাৰে।

ভোটগণনা ২৪ এপ্ৰিলত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত হ'ব আৰু ফলাফল একেদিনাই ঘোষণা কৰা হ'ব।  

Category