IPL 2022: প্ৰথম খেলতে KKRৰ হাতত পৰাস্ত CSK...

IPL 2022: KKR wins against CSK

শনিবাৰৰ পৰা আৰম্ভ হ'ল ক্ৰিকেটৰ মহাৰণ আইপিএল ২০২২। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মুকলি খেলখনিত CSK(চেন্নাই চুপাৰ কিংছ) আৰু KKR(কে কে আৰ)ৰ মাজত হয় মহাৰণ। খেলখনিত KKRয়ে ৬ উইকেটত পৰাস্ত কৰে CSKক। খেলখনত CSKই ভাল Score কৰিব নোৱাৰাৰ বাবে আৰামেৰে জয়লাভ কৰে KKRয়ে।

 

অ'পেনিং খেলখনিত CSKই প্ৰথমে বেটিং কৰি KKRক ১৩২ ৰাণৰ লক্ষ্য প্ৰদান কৰে। আমোদজনকভাৱে KKRয়ে মাত্ৰ ৪টা উইকেট হেৰুৱাই মেচখনত বিজয়ী হয়। KKRৰ হৈ আজিংক্য ৰাহানে ৪৪ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে। একে সময়তে ছেম বিলিংছে ২৫ ৰাণ সংগ্ৰহ কৰাৰ লগতে অধিনায়ক শ্ৰেয়াছ আয়াৰে ২০ নট আউট ৰাণ কৰে। আনহাতে, CSKৰ ডোৱেন ব্ৰাভোৱে ৩টা উইকেট দখল কৰিবলৈ সক্ষম হয়।

Category
Profile picture for user UB Photos