এতিয়া উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ আপোনাৰ প্ৰিয় ফোন JioPhone Next, শীঘ্ৰেই খবৰ কৰক কাষৰ বিপণীত…

jio phone

গ্ৰাহকৰ বাবে ৰিলায়েন্স জিঅ’ৰ নতুন সুবিধা। গ্ৰাহকৰ বাবে ৰিলায়েন্স জিঅ’ই মুকলি কৰা নতুন স্মাৰ্টফোন JioPhone Next এতিয়া উপলব্ধ উত্তৰ-পূৰ্বাঞ্চলত।

উত্তৰ-পূবৰ ৩০০০ৰো অধিক বিপণীত উপলব্ধ এই ফোন। গুগল আৰু জিঅ’ই বিকশিত কৰা JioPhone Nextত আছে বহু বিশেষত্ব আৰু অত্যাধুনিক সা-সুবিধা। দেশৰ সকলো চহৰৰ লগতে উত্তৰ-পূবৰ ৩০০০ৰো অধিক বিপণীত উপলদ্ধ এই ফোনটো।

নতুন স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে নিজৰ ঘৰতে পাব এই ফোন ব্যৱহাৰ কৰাৰ সুবিধা। এই ফোনটো মুকলি কৰাৰ পাছৰে পৰা হাজাৰ-হাজাৰ ব্যৱহাৰকাৰীয়ে লাভ কৰিছে ডিজিটেল অভিজ্ঞতা। জিঅ’ ষ্টৰ, জিঅ’ পইণ্টছ, ৰিলায়েন্স ডিজিটেল ষ্টৰত উপলব্ধ JioPhone Next, মাত্ৰ ৬৪৯৯ টকাতেই ক্ৰয় কৰিব পাৰিব গ্ৰাহকে । মাত্ৰ ১৯৯৯ টকাৰ EMI দি গ্ৰাহকে পাব JioPhone Next। ১৮ৰ পৰা ২৪ মাহলৈকে গ্ৰাহকে দিব পাৰিব ফোনৰ EMI।

প্ৰগতি OS(Operating System)থকা এই ফোনত আছে ১০টা ভাষাৰ সুবিধা। ব্যৱহাৰকাৰীসকলে ফোনৰ স্ক্ৰীণত থকা যিকোনো ভাষাকেই নিজৰ ভাষালৈ ৰূপান্তৰ কৰিব পাৰিব এই JioPhone Nextত। JioPhone Nextত আছে 5.45 inch HD Display।প্ৰগতি অপাৰেটিং চিষ্টেম।13 mega-pixel বেক কেমেৰা, 8 mega-pixel ফ্ৰণ্ট কেমেৰা।3500 mAH বেটাৰী, Qualcomm snapdragon QM 215 processor, 2GB RAM, Bluetooth, WiFi, hotspot, OTG support, 32 GB মেমৰীৰ লগতে আন বহুতো সুবিধা।

Category
Profile picture for user UB Photos