SPLITS VILLA ৰেষ্টুৰেণ্টত চলিল উচ্ছেদ

Splits Villa

ডিগবৈত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান। SPLITS VILLA ৰেষ্টুৰেণ্টত চলিল উচ্ছেদ।

ডিগবৈৰ মূল চহৰখনকে আদি কৰি অধিকাংশ বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান ৰে’ল বিভাগৰ ভূমি দখল কৰি বছৰ বছৰ জুৰি ব্যৱসায় চলাই গৈছে৷ কিন্ত আজি পৰ্যন্ত বহিঃৰাগত লোকে চলাই নিয়া ব্যৱসায়ীৰ বিৰুদ্ধে ৰে’ল বিভাগে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত নহ’ল বুলি অভিযোগ ৰাইজৰ।

কিন্ত গোলাইস্থিত এজন অসমীয়া যুৱকৰ SPLITS VILLA নামৰ ৰেষ্টুৰেণ্টখনত ৰে’ল বিভাগে উচ্ছেদ চলোৱাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। এজন থলুৱা অসমীয়া যুৱকে কৰা ব্যৱসায়ৰ ওপৰত কেৱল মাত্ৰ ৰে’ল বিভাগৰ চকু পৰাত জাতীয় জনগোষ্ঠীয় দল সংগঠন সমুহক চকু দিবলৈ দাবী জনাইছে৷

Category
Profile picture for user UB Photos