লাহে লাহে নিয়ন্ত্ৰণহীন হৈ পৰিছে দেশত কৰ’ণা সংক্ৰমণ!

লাহে লাহে নিয়ন্ত্ৰণহীন হৈ পৰিছে দেশত কৰ’ণা সংক্ৰমণ!

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা সংক্ৰমণ। লাহে লাহে নিয়ন্ত্ৰণহীন হৈ পৰিছে পৰিস্থিতি!
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ২ লাখ ৭১ হাজাৰ ২০২জন। শনিবাৰৰ তুলনাত বৰ্তমান আক্ৰান্তৰ সংখ্যা ২,৩৬৯জন বৃদ্ধি পাইছে। এই সময়চোৱাত প্ৰাণ হেৰুৱাইছে ৩১৪জন ক’ভিড ৰোগীয়ে।তাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১ লাখ ৩৮ হাজাৰ ৩৩১জন লোকে। সম্প্ৰতি দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৫ লাখ ৫০ হাজাৰ ৩৭৭জন।

ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে অ’মিক্ৰনৰ সংক্ৰমণো। বৰ্তমান দেশত অ’মিক্ৰন সংক্ৰমিত লোকৰ সংখ্যা ৭ হাজাৰ ৭৪৩জন। ইতিমধ্যে দেশৰ ২৮খন ৰাজ্য অ’মিক্ৰনৰ দাৰা সংক্ৰমিত।

Category
Profile picture for user UB Photos